National
ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ডিমাকুছিত কালি নিশা ভয়ংকৰ পথদুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। নিহত ব্যক্তিজনৰ নাম ৰৱেন ৰয় বুলি জানিব পৰা গৈছে। ১নং ডিমাকুছি গাঁৱৰ গিৰিশ ৰয়ৰ পুত্ৰ ৰৱেন ৰয়ে ডিমাকুছিৰ পৰা গৃহাভিমুখে গৈ থকাৰ সময়ত এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায়।
ওদালগুৰি-তামুলপুৰ সংযোগী পথত কেঁচা চাহপাত কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্যত সঘনাই বৃদ্ধি পায় আহিছে দুৰ্ঘটনা। আৰক্ষীৰ চকুত ধূলি দি প্ৰতিদিনে তীব্ৰ গতিৰে পাৰ হৈ যায় কেঁচা চাহপাত কঢ়িওৱা গাড়ীসমূহ।
কিন্তু এইক্ষেত্ৰত ডিমাকুছি আৰক্ষীয়ে চকুমুদাৰ কুলি ভাও ধৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কেঁচা চাহপাত কঢ়িওৱা বলেৰ’ গাড়ীখনেই ব্যক্তিগৰাকীক খুন্দিয়াই থৈ যায়। ঘটনাস্থলীত নিশায়ে ডিমাকুছি আৰক্ষী উপস্থিত হয়।
Leave A Comment