• মঙলদৈত আলফাৰ নামত ধনদাবীঃ আটক ৩

    আঞ্চলিক
    মঙলদৈত আলফাৰ নামত ধনদাবীঃ আটক ৩

    মঙলদৈঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান। তাৰ মাজতে মঙলদৈত আলফাৰ নামত ধনদাবী তিনি যুৱকৰ। আলফাৰ পেড ব্যৱহাৰ কৰি মঙলদৈৰ এগৰাকী শিক্ষকক ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিজন যুৱকৰ বিৰুদ্ধে।









    শিক্ষকগৰাকীৰ পৰা দাবী কৰা ধন নিবলৈ আহি মঙলদৈ আৰক্ষীৰ জালত পৰিছে ক্ৰমে সাহেব আলী, আজাদ আলী আৰু জোন জ্যোতি বনিয়া নামৰ ধৃতকেইজন। লগতে আৰক্ষীয়ে এখন মটৰ চাইকেল আৰু এটা মোবাইলো জব্দ কৰে। বিগত কিছুদিন ধৰি এটা দলে আলফাৰ পেড ব্যৱহাৰ কৰি মঙলদৈ চহৰত ধনদাবী কৰি আহিছিল।





    আমাৰ সাংবাদিকে জনোৱা অনুসৰি, ধনদাবী কৰা মোবাইল ফোনটো ট্ৰেক কৰি তিনিওজনকে জালত পেলাইছে আৰক্ষীয়ে। যুৱক তিনিজন আলফাৰ সৈতে জড়িত হয়নে নহয় এতিয়াও নিশ্চিত নহয় আৰক্ষী! ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে দৰং আৰক্ষীয়ে।