• মঙলদৈৰ ভোগালীৰ বজাৰত জুই : এহাল খাহীৰ দাম ১লাখ টকা

    আঞ্চলিক
    মঙলদৈৰ ভোগালীৰ বজাৰত জুই : এহাল খাহীৰ দাম ১লাখ টকা

    মঙলদৈ : ভোগালীৰ প্ৰাক মুহূৰ্তত মঙলদৈৰ শুকুৰবৰীয়া বজাৰত জুই৷ এহাল খাহীৰ দামে চুইছেগৈ ১লাখ টকা৷ একলাখ টকীয়া ছাগলীৰ দামক লৈ চলিছে চৰ্চা৷ বিক্ৰেতাৰ মতে, এই খাহী ছাগলী এটাৰ পৰা ৭০ কিলোতকৈ অধিক মাংস পোৱা যাব৷ দুটা ছাগলীৰ পৰা ১৪০ কিলোতকৈও অধিক মাংস পোৱা যাব৷ যাৰ বাবে ছাগলীকেইটাৰ দামে ১লাখৰ ঘৰ চুইছেগৈ৷





    আৰু পঢ়িব পাৰিব :‘কা’বিৰোধৰ বাবে নহয়, মাওবাদীৰে সম্পৰ্কৰ বাবেহে অখিলক গ্ৰেপ্তাৰ : হিমন্ত





    ইপিনে মনৰ পছন্দৰ খাহী, পঠা ছাগলী কিনিবলৈ বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে৷ কিন্তু ছাগলীৰ দাম শুনি চকু কপালত উঠিছে গ্ৰাহকৰ৷ সমান্তৰালকৈ হাঁহ, মুৰ্গীৰ বজাৰতো দেখা গৈছে ক্রেতা, বিক্রেতাৰ ভিৰ৷





    আৰু পঢ়িব পাৰিব :আজি কৃষক-কেন্দ্ৰৰ অষ্টমলানি আলোচনা, চৰকাৰ আশাবাদী





    কেৰেছিয়া হাঁহ এযোৰৰ দাম এহেজাৰ টকা পৰ্যন্ত হৈছে৷ ইফালে দৈ, চিৰা আদিৰো দাম পূৰ্বতকৈ অধিক হৈছে৷ কৰ'না মহামাৰী, বাৰ্ড ফ্লুৰ আশংকা এইবোৰ একাষৰীয়া কৰি ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে এতিয়া ৰাইজে৷