• মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !

    আঞ্চলিক
    মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !

    গুৱাহাটী : মহানগৰীৰ বেলতলা জামে মছজিদত ১৫জনীয়া এটা দলে প্ৰৱেশ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ সন্দেহজনকভাৱে মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকাত সন্দেহ হয় একাংশ লোকৰ৷ ইয়াৰ পাছতে নামাজৰ নীতি-নিয়মৰ বিসংগতি দেখি সোধা-পোছা তথা পৰিচয় বিচৰাত পলায়নৰ চেষ্টা কৰে অচিনাক্ত দলটোৱে৷





    আৰু পঢ়িব পাৰিব : মুম্বাইত সমবেত প্ৰতিবাদী কৃষকৰ দল, বৃহত্ প্ৰতিবাদী সমদলৰ পৰিকল্পনা





    উল্লেখ্য যে এই দলটোক সোধা-পোছা কৰাত অন্য ধর্মৰ বুলি জানিব পৰাত স্থানীয় আৰক্ষী চকীত খবৰ দিয়ে মছজিদ কমিটীয়ে৷ মছজিদ কমিটীয়ে ইয়াৰে ৯ জনক কৰায়ত্ত কৰি বশিষ্ঠ আৰক্ষীক গটাই দিয়ে যদিও বাকীকেইটাই পলায়ন কৰে মছজিদৰ পৰা৷





    আৰু পঢ়িব পাৰিব : অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বিকশিত অঞ্চল হ’ব BTR: অমিত শ্বাহ





    কি উদ্দেশ্যত এই দলটোৱে মছজিদত প্ৰৱেশ কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷