আন্তঃৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : নিশাৰ মহানগৰীত সংঘটিত হয় ভয়ংকৰ পথদুৰ্ঘটনা৷ সুৰামত্ত যুৱতীৰ বাহনে মহটিয়ালে নিশাৰ ৰাজপথত কৰ্মৰত লোকনিৰ্মাণ বিভাগৰ ৯জনকৈ শ্ৰমিকক৷ মহানগৰীৰ ৰুক্মিণী গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথদুৰ্ঘটনাটো৷
উল্লেখ্য যে, সুৰামত্ত যুৱতীগৰাকীয়ে তীব্ৰগতিত চলাইছিল বাহন৷ সুৰামত্ত যুৱতীগৰাকীৰ বাহনখনে লোকনিৰ্মাণ বিভাগৰ এখন বাহনো খুন্দিয়াইছিল৷ উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি অহাৰ পূৰ্বে চলাই থকা প্ৰস্তুতিত কৰ্মৰত ৯জনকৈ শ্ৰমিকক মাতাল যুৱতীগৰাকীয়ে মহতিয়াই নিয়ে৷
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৯জন শ্ৰমিকক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ আঘাতপ্ৰাপ্ত এজন শ্ৰমিকৰ দুয়োখন ভৰি ছিগি যায়৷ নিশাই দিছপুৰ আৰক্ষীয়ে আটক কৰিছে সুৰামত্ত যুৱতীগৰাকীক৷
Leave A Comment