• মন্ত্ৰীৰ জুমুঠি দাহেৰে আদায় কৰিব নোৱাৰি জনজাতিকৰণৰ মৰ্যাদা

    আঞ্চলিক
    মন্ত্ৰীৰ জুমুঠি দাহেৰে আদায় কৰিব নোৱাৰি জনজাতিকৰণৰ মৰ্যাদা

    ডিজিটেল ডেস্কঃ চৰম অনিশ্চয়তাৰ মাজত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ! কেতিয়া সম্পূৰ্ণ হ’ব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া? কি স্থিতিত আছে জনজাতিকৰণৰ প্ৰসংগ? এই সকলোবোৰ প্ৰশ্ন এতিয়া মৰীচিকাৰ দৰে৷ কি বিজেপি, কি কংগ্ৰেছ চৰকাৰ, জনজাতিকৰণ প্ৰক্ৰিয়াত যেন সকলোৰে অনিহাৰ বহিঃপ্ৰকাশ৷ জনজাতিকৰণৰ আশ্বাসেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷






    জাতি, মাটি, ভেটি কথা কোৱা বিজেপি চৰকাৰখনৰ পৰা কোনো সুদূৰপ্ৰসাৰী সু-ফল লাভ নকৰিলে জনজাতিকৰণৰ দাবী কৰি অহা জনজাতি লোকসকলে৷ উল্লেখ্য যে, বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল যে, ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ, কিন্তু কাৰ্যত সেইয়া হৈ নুঠিল৷
    এই ক্ষেত্ৰত মূলতঃ দোষ দিয়ে জনজাতীয় নেতাসকলক, কিয়নো সমগ্ৰ জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰে এই নেতাসকলে, কিন্তু তেওঁলোকক চৰকাৰী পক্ষই কেৱল নিৰ্বাচনী ঢাল হিচাপে ব্যৱহাৰ কৰে বুলি ৰাইজৰ অভিযোগ৷ নিৰ্বাচনৰ সময়ত এই নেতাসকলক দিল্লীলৈ নি কেৱল আলোচনাৰ মাজতে আবদ্ধ হৈ ৰয় সমগ্ৰ প্ৰক্ৰিয়াটো৷ এতিয়া জনজাতীয় মূলৰ নেতাসকলে কেৱল মন্ত্ৰীৰ জুমুঠি দাহ কৰিয়েই যেন তেওঁলোকৰ দায়িত্ব সামৰিব বিছাৰিছে৷






    বিগত প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটী প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷






    উল্লেখ্য যে, কোনো জনগোষ্ঠীক অনুসূচীত জনজাতিৰ অন্তৰ্ভুক্ত কৰা বা তালিকাৰ পৰা বাদ দিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ১৯৯৯ চনৰ ১৫ জুনত এক মডেলেটী প্ৰস্তুত কৰিছিল আৰু ইয়াক ২০০২ চনৰ ২৫ জুনত পুনৰ সংশোধন কৰা হয়৷ উল্লেখনীয় যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা সংসদৰ অন্তিম অধিৱেশনত ছয়-জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ৰাজ্যসভাত বিধেয়ক দাখিল কৰিছিল৷ কিন্তু ইয়াৰ পাছতো ছয় জনজাতিৰ জনগোষ্ঠী প্ৰক্ৰিয়াত যেন উলমি ৰৈছে এক বৃহৎ তলা।