Regional
বৰপেটাৰোডঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুনীতি-অনিয়ম সহ্য কৰা নহ’ব-বুলি বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰায়ে সকীয়নি প্ৰদান কৰি আহিছে৷ মন্ত্ৰীগৰাকীৰ কলহভাঙা গাঁও পঞ্চায়ততে যেন অসাৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সকীয়নি৷ মন্ত্ৰীগৰাকীৰ সকলো সকীয়নিক আওকাণ কৰি কলহভাঙা গাঁও পঞ্চায়তৰ সভাপতি আবু তাহেৰে পঞ্চায়ত সচিবৰ সহযোগত আঁচনিৰ ধনত চলাইছে লুণ্ঠন৷
নামমাত্ৰ কাম কৰিয়েই সৰভোগ সমষ্টিৰ কলহভাঙা গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবগৰাকীয়ে মিলি আত্মসাৎ কৰিছে আঁচনিৰ নামত আবণ্টিত কোটি কোটি টকা৷ এনৰেগা আঁচনি ৰূপায়ণৰ নামত সৰভোগ সমষ্টিৰ কলহভাঙা গাঁও পঞ্চায়তত চলিছে লুণ্ঠনৰ প্ৰতিযোগিতা৷ গাঁওখনত তাৰা পাম্প আৰু ষ্ট্ৰীট লাইটৰ নামত কোটিটকীয়া কেলেংকাৰি সংঘটিত হোৱাৰ লগতে গাঁওখনৰ নৱজাগৰণ এম স্কুল চৌহদৰ পুৰণি দেৱালৰ ওপৰতে ইটা গাঁঠি আত্মসাৎ কৰিছে ৬লাখ টকা৷ তদুপৰি পথ নিৰ্মাণ, ভেটি নিৰ্মাণ আদি আঁচনিৰ নামতো আত্মসাৎ কৰিছে লক্ষ লক্ষ টকা৷ উপযুক্ত তদন্তৰ জৰিয়তে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
Leave A Comment