• মল্লযুঁজত স্বৰ্ণ পদক জয় ভাৰতীয় কন্যা প্ৰিয়া মালিকৰ

    আঞ্চলিক
    মল্লযুঁজত স্বৰ্ণ পদক জয় ভাৰতীয় কন্যা প্ৰিয়া মালিকৰ

    বুদাপেষ্ট : ভাৰতৰ মল্লযুঁজাৰু প্ৰিয়া মালিকে দেওবাৰে হাংগেৰীত আয়োজিত চলিত বিশ্ব কেডেট মল্লযুঁজ চেম্পিয়নশ্বিপত সফলতাৰে স্বৰ্ণ অৰ্জন কৰে। প্ৰিয়া মালিকে ফাইনেলত বেলাৰুছৰ মল্লযোদ্ধা কেচনিয়া পাটাপোভিচক মহিলাৰ ৭৩ কিলোগ্ৰাম শাখাত পৰাজিত কৰি সোণৰ পদক লাভ কৰে।





    ট’কিঅ’ অলিম্পিকত ভাৰতৰ সাফল্যৰ বাবে জনগণে বাট চাই থকাৰ মাজতে ভাৰতলৈ এই গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়া মালিকে।





    উল্লেখ্য যে, প্ৰিয়া মালিকে পুনেত খেলো ইণ্ডিয়াৰ ২০১৯ সংস্কৰণত সোণৰ পদক জয় কৰিছিল আৰু তাৰ পিছত দিল্লীত অনুষ্ঠিত হোৱা ১৭ তম স্কুল গেমছত একে বছৰতে স্বৰ্ণ জয় কৰিছিল। ইয়াৰ উপৰি প্ৰিয়াই পৰৱৰ্তী বছৰতো চনত আৰু দুটা সোণৰ পদক জয় কৰিছিল।