• মহম্মদ ওৱাছিম: অনুপ্ৰেৰণাৰ বাটেৰে উজলি উঠা নতুন ক্ৰীড়া প্ৰতিভা

    আঞ্চলিক
    মহম্মদ ওৱাছিম: অনুপ্ৰেৰণাৰ বাটেৰে উজলি উঠা নতুন ক্ৰীড়া প্ৰতিভা

    ডিজিটেল ডেস্কঃ ১৯ বছৰীয়া ক্ৰিকেটাৰ মহম্মদ ওৱাছিমৰ এক অনুপ্ৰেৰণামূলক কাহিনীয়ে বিশ্বৰ ক্ৰীড়ানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা লোকসভাৰ সাংসদ গৌতম গম্ভীৰে টুইটাৰত মহম্মদ ওৱাছিমৰ বাতৰি কাকত বিক্ৰী কৰি থকা সময়ৰ আলোকচিত্ৰ ৰাজহুৱা কৰিছে৷ মঙলবাৰে দিল্লীৰ যমুনা স্পোৰ্টছ কমপ্লেক্সত পূব দিল্লী প্ৰীমিয়াৰ লীগৰ উদ্বোধন কৰিছিল৷ বিশ্ব ক্ৰিকেটৰ যুৱ-প্ৰতিভাবোৰক উপযুক্ত মঞ্চ দিয়াৰ প্ৰয়াসেৰে গৌতম গম্ভীৰে এই টুৰ্ণামেণ্টৰ আয়োজন কৰিছে৷ তেনে এক প্ৰতিভাই হ’ল মহম্মদ ওৱাছিম৷ ওৱাছিমে নিজে নিজৰ আলোকচিত্ৰ প্ৰকাশ পোৱা বাতৰি কাকত বিতৰণ কৰি এক অনন্য গৌৰৱৰ অধিকাৰী হৈছে৷ ‘দ্য হিন্দু’ৰ মতে, পূব দিল্লী প্ৰীমিয়াৰ লীগৰ বাবে খেলুৱৈ বাছনিৰ সময়ত প্ৰশিক্ষকক আচৰিত কৰি তুলিছিল মহম্মদ ওৱাছিমে৷ ১৯ বছৰীয়া ওৱাছিমৰ প্ৰতিটো বলিঙৰ স্পীড আছিল প্ৰতিঘণ্টাত ১৪০ কিঃমিঃ৷









    চাৰিখন ফটোৰে সৈতে কৰা টুইটটোত গৌতম গম্ভীৰে লিখিছে এইদৰে- মহম্মদ ওৱাছিমে বাতৰি কাকত বিতৰকৰ কাম কৰিছিল৷ এতিয়া তেওঁৰ আলোকচিত্ৰ সেই কাকতসমূহক প্ৰকাশ পাব৷ পূব দিল্লী প্ৰীমিয়াৰ লীগত দহটা নিৰ্বাচিত এলেকাৰ দহটা দল থাকিব বুলি গম্ভীৰে সদৰী কৰিছে৷ মহম্মদ ওৱাছিমে তেওঁৰ দৈনন্দিন জীৱন পৰিক্ৰমাক দুটা ভাগত ভগাই লৈছিল৷ তেওঁ কয়, মই কম বয়সতে মা-দেউতাক হেৰুৱাইছিলোঁ৷ সেইসময়ত মই পৰিয়ালক সকাহ দিবলৈ কিছু কাম কৰিবলৈ বাধ্য হৈছিলোঁ৷ পাছলৈ সেই কাম মোৰ দায়বদ্ধতা হৈ পৰিল৷ মোৰ ভাইটিয়েও কাম কৰে৷ তথাপি, আমাৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়৷ মই এই কাম কৰি সুখী৷ কামৰ সৰু-বৰ মই বিচাৰ কৰা নাই৷ সমান্তৰালভাৱে ক্ৰিকেটতো মই মোৰ সৰ্বোচ্চ প্ৰদৰ্শন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিম৷ অনুপ্ৰেৰণাৰ আকৰ এইগৰাকী কমবয়সীয়া ক্ৰিকেটাৰ দায়বদ্ধতা আৰু সংগ্ৰামৰ কাহিনীয়ে সকলোকে মুগ্ধ কৰিছে৷ ধৰ্ম, ৰাজনীতি, দেশৰ ঊৰ্ধ্বত প্ৰেৰণাৰ এই উজ্জ্বল উদাহৰণে বিশ্বনাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিছে৷