Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
গুৱাহাটী: গুৱাহাটী মহানগৰবাসীক কিছু আৱেদন জনোৱাৰ উদ্দেশ্যে আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে৷ ৰাজ্যত ক’ভিড ক্ৰমান্নয়ে হ্ৰাস পাবলৈ ধৰিছে যদিও সংক্ৰমণৰ হ্ৰাস কিছু কিছু জিলাত হোৱা নাই। সংবাদমেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে মহানগৰবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে৷
মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি গুৱাহাটী মহানগৰীত হ্ৰাস পোৱা নাই ক'ভিডৰ ত্ৰাস৷ এইক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে বুলিও উল্লেখ কৰে৷ গুৱাহাটীৰ ১,২০৪টা ভোটকেন্দ্ৰ আছে৷ ভেকচিন দিয়াৰ কাম ২৫ৰ পৰা ৩১ আগষ্টৰ ভিতৰত সম্পন্ন হ’ব মহানগৰীত৷ ভেকচিন দিয়া সপ্তাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ৷
8929103776 নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত লাভ কৰিব ভেকচিন৷ এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ৷ শ্বপিং ম’ল, দোকানৰ কমৰ্চাৰীসকলে ক'ভিড ভেকচিন লোৱা চাৰ্টিফিকেট পিন্ধি নহ’লে আঁৰি থ’ব লাগিব৷ সজাগ নহ’লে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব চৰকাৰ৷ গুৱাহাটী মহানগৰীত ১৮ বছৰৰ ওপৰৰ ১৫ লাখৰ ভিতৰত ১৪ লাখ ১০ হাজাৰ লোকে ভেকচিন লৈছে বৰ্তমান৷
Leave A Comment