• মহানগৰীত উদ্ধাৰ অৰ্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ

    আঞ্চলিক
    মহানগৰীত উদ্ধাৰ অৰ্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ

    গুৱাহাটী: মংগলবাৰে মহানগৰীৰ পাতৰকুছীত উদ্ধাৰ হৈছিল অর্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ ৷ ১০ এপ্রিলত নিখোজ হোৱা যুৱতীগৰাকীৰ মৃতদেহক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ ৷প্রকৃততে কি কাৰণত কাৰ নৃশংসতাৰ বলি হ’ল যুৱতীগৰাকী? এতিয়াও পোহৰলৈ অহা নাই প্ৰকৃত ৰহস্য ৷ পৰিয়ালৰ লোকৰ মতে, ধর্ষণ কৰি হত্যা কৰা হৈছিল যুৱতীগৰাকীক৷ প্ৰথমে অপহৰণ তাৰ পাছত ধর্ষণ কৰি হত্যা কৰিছিল পাতৰকুছীৰ ২০ বছৰীয়া নেহা কুমাৰীক ৷





    আৰু পঢ়িব পাৰিব :বিহুৰ দিনাই পাষণ্ড পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ পিতৃক





    ১০ এপ্ৰিলত নিখোজ হোৱা নেহাৰ মৃতদেহ উদ্ধাৰ হৈছিল ১৩ এপ্ৰিলত ৷ ঘৰৰ ওচৰৰ পিটনিত উদ্ধাৰ হৈছিল নেহাৰ উলংগ মৃতদেহক ৷ পৰিয়াল তথা অঞ্চলবাসীৰ সন্দেহ দুর্বত্তই দলবদ্ধভাবে ধর্ষণ কৰি হত্যা কৰা হৈছিল নেহাক ৷ ইপিনে প্ৰাগ নিউজৰ অনুসন্ধান অনুসৰি, নেহাই অপহৰণ কৰাৰ সময়ত ফোনত কথা পাতি আছিল দিল্লীৰ প্ৰেমিক ৰাহুল গুপ্তাৰ সৈতে৷ সময় আছিল ১০ এপ্ৰিলৰ দিনৰ ১.৩০ বজাত৷





    আৰু পঢ়িব পাৰিব :দিল্লীত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ: সপ্তাহান্তিক সান্ধ্য আইন ঘোষণা





    নেহাৰ প্ৰেমিক ৰাহুলৰ সৈতে হোৱা টেলিফোনিক বার্তালাপত ওলায় পৰিছে স্থানীয় ৩ জন যুৱকৰ নাম ৷ যুৱককেইজন হৈছে দিপাংকৰ, নিলু আৰু দীপ ৷ এই তিনিজনে প্ৰায়ে ফোন কৰিছিল নেহাক ৷ কিন্তু ৩ জনৰ পৰিচয় সন্দর্ভত জ্ঞাত নহয় ৰাহুল গুপ্তা ৷ ইতিমধ্যে দিল্লীৰ নিবাসী ৰাহুলৰ সৈতে যোগাযোগ ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ৷ নেহাৰ মাতৃৰ দাবী আৰক্ষীয়ে সঠিক তদন্ত কৰা নাই ৷ ন্যায় বিচাৰি কাতৰ আহ্বান নেহাৰ মাতৃৰ ৷