• মহানগৰীত ঘৰে ঘৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়া

    আঞ্চলিক
    মহানগৰীত ঘৰে ঘৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়া

    ডিজিটেল ডেস্কঃ ক’ভিড ভেকচিন প্ৰদান সন্দৰ্ভত কামৰূপ (মঃ) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সংবাদমেল সম্বোধন। সংবাদমেলত উপায়ুক্তগৰাকীয়ে কয় যে ‘মহানগৰীত ঘৰে ঘৰে চলি আছে ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া’। ১০ ডিচেম্বৰৰ ভিতৰত কামৰূপ(মঃ) জিলাত ১০০ শতাংশ ভেকচিন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰিছে স্বাস্থ্য বিভাগে। জিলাখনত এতিয়ালৈকে ২২লাখ ৮৩ হাজাৰ ৪৪৫টা ভেকচিন প্ৰদান কৰা হৈছে।





    ইয়াৰে ১২ লাখ ৭৩ হাজাৰ ৯৩টা প্ৰথমপালি ভেকচিন দিয়া হৈছে। আৰু ১০ লাখ ১০ হাজাৰ ৩৫২টা দ্বিতীয়পালি ভেকচিন প্ৰদান কৰা হৈছে। মুঠ ৫টা জ’নত বিভক্ত কৰি প্ৰদান কৰা হৈছে ভেকচিন। মুঠ ১১৮ শতাংশ লোকক প্ৰথমপালি ভেকচিন প্ৰদান কৰা হৈছে হৈছে জিলাখনত। আনহাতে, ৯৩ শতাংশ লোকক দ্বিতীয়পালি ভেকচিন প্ৰদান কৰা হৈছে বুলিও সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে।