• মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড: লুটিলে ২লাখ ৫০হাজাৰ

    আঞ্চলিক
    মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড: লুটিলে  ২লাখ ৫০হাজাৰ

    গুৱাহাটী : মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। বেংকৰ পৰা ২ লাখ ৫০ হাজাৰ টকা লৈ অনা অৱস্থাত লাচিত নগৰত সংঘটিত হয় এই ডকাইতি কাণ্ড। পালছাৰ ২২০ বাইকেৰে অহা দুটা ডকাইতে হাতৰ পৰা থপিয়াই নিলে নগদ ধনসহ দুটা ম'বাইল। ঘটনা সন্দৰ্ভত ঋতুমণি গায়ন নামৰ ভুক্তভোগী ব্যক্তিজনে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে।





    আৰু পঢ়িব পাৰিব :পুনৰ সৰুসজাইত হ’ব এটা ক’ভিড পৰীক্ষা কেন্দ্ৰ !





    পল্টন বজাৰ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত ম'বাইল নম্বৰ ট্ৰেক কৰি দিছপুৰৰ বাঘেশ্বৰী মন্দিৰৰ সমীপৰ পৰা ছফিকুল হক আৰু ৰকিবুল হক ওৰফে মিৰাজ নামৰ দুজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে। লগতে আৰক্ষীয়ে যুৱক দুজনৰ ভাৰাঘৰৰ পৰা AS-01EH-4198 নম্বৰৰ এখন পালছাৰ ২২০ বাইক জব্দ কৰিছে। আনহাতে এই সমগ্ৰ ঘটনাত ছফিকুল হক নামৰ যুৱক দুজন জড়িত নহয় বুলি অভিযোগ কৰিছে পৰিয়াল-বন্ধু বৰ্গই।





    আৰু পঢ়িব পাৰিব :গছত ওলমি থকা অৱস্থাত যুৱকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য





    পেছাত খ্ৰীষ্টানবস্তিস্থিত ‘ৰিলায়েন্স ট্ৰেণ্ড’ত কৰ্মৰত ছফিকুল নামৰ যুৱকজন উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত নিজৰ কৰ্মস্থলীতে থকাৰ দাবী কৰিছে বন্ধুৱে। ইফালে অভিযোগকাৰীয়ে আনজন যুৱক ৰকিবুল হক ওৰফে মিৰাজ নামৰ যুৱকজনকো চিনাক্ত কৰিছে। এতিয়া সমগ্ৰ ঘটনা সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই।