National
গুৱাহাটী : ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি জালনোট প্ৰস্তুতকাৰী৷ আৰক্ষীৰ হাতত সঘনাই ধৰা পৰিছে জালনোট প্ৰস্তুতকাৰী চক্ৰৰ লোক৷ জালনোট চক্ৰৰ সৈতে জড়িত দুজনক শনিবাৰে গ্ৰেপ্তাৰ কৰে গীতানগৰ আৰক্ষীয়ে। জালনোট প্ৰস্তুতকাৰী এই লোক দুজন হৈছে ক্ৰমে জাপৰিগোগৰ হাউছ নং ৩৪ৰ মিনাক্ষী দাস আৰু নয়নপুৰৰ দেনজিত দাস বুলি জানিব পৰা গৈছে।
দুয়োৰে পৰা আৰক্ষীয়ে কেইবাখনো ৫০০ টকীয়া জালনোটসহ দুটাকৈ মোবাইল ফোন আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে৷ শুকুৰবাৰে নিশা গীতানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই দুই জালনোট প্ৰস্তুতকাৰীক। গীতানগৰ আৰক্ষীয়ে জালনোট প্ৰস্তুতকাৰী দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 310/2021 120b/489 (A)489(B) ধাৰাত ৰুজু কৰিছে গোচৰ।
উল্লেখ্য যে, পূৰ্বে জালনোট প্ৰস্তুত কৰা মেচিন আৰু বিভিন্ন আহিলাৰ সৈতে জালনোট প্ৰস্তুতকাৰী মূল মাষ্টৰমাইণ্ড আজমল হকৰ লগতে মামণি ৰয় বড়ো, নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছিল গীতানগৰ আৰক্ষীয়ে। জালনোট প্ৰস্তুতকাৰী চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড আজমল হকৰ লগতে মুঠ চাৰিজনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিছে গীতানগৰ আৰক্ষীয়ে। বৰ্তমানেও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment