• মহানগৰীত দিন-দুপৰতে ৯বছৰীয়া কিশোৰীক অপহৰণৰ চেষ্টা

    আঞ্চলিক
    মহানগৰীত দিন-দুপৰতে ৯বছৰীয়া কিশোৰীক অপহৰণৰ চেষ্টা

    ডিজিটেল ডেস্ক: অপৰাধৰ ৰম্যভূমিলৈ পৰ্যৱসিত হৈছে গুৱাহাটী মহানগৰী৷ হত্যা, লুণ্ঠনৰ দৰে ঘটনা এতিয়া সহজ হৈ পৰিছে এইখন মহানগৰীত ৷ তেনে এক চাঞ্চল্যকৰ ঘটনাৰ সূত্ৰপাত ঘটিছে মহানগৰীৰ গীতানগৰত৷ কিন্তু নিজৰ সাহসেৰে কথমপি ৰক্ষা পৰে কণমানিগৰাকী৷ জানিব পৰা মতে, দিন দুপৰতে ৯ বছৰীয়া কণমানিগৰাকীক অপহৰণৰ চেষ্টা চলায় দুৰ্বৃত্তই। ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকাৰ পথত কণমানিগৰাকীক অপহৰণৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ দল এটাই। দুৰ্বৃত্তৰ দলে অপহৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কণমানিটিয়ে হাতত কামোৰ মাৰি চিঞৰ-বাখৰ কৰে৷









    যাৰ ফলত সৌভাগ্যক্ৰমে, অপহৰণৰপৰা ৰক্ষা পৰে কণমানিগৰাকী। লগে লগে ঘটনাস্থলীৰ পৰা বাহনখন লৈ দুৰ্বৃত্তৰ দলটো পলায়ন কৰে। গীতানগৰৰ ‘আমাৰ পথ’ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। কণমানিগৰাকীয়ে দিয়া তথ্য অনুসৰি, বগা ৰঙৰ মাৰুতী ভান লৈ আহিছিল দুৰ্বৃত্তৰ দলটোৱে৷ কণমানিটিয়ে প্ৰত্যক্ষ কৰা অনুসৰি, বাহনখনৰ ভিতৰত আছিল তিনি যুৱক৷ লগতে বগা ৰঙৰ কাপোৰ পৰিধান কৰা আনএটি কণমানি আছিল বুলিও এক চাঞ্চল্যকৰ তথ্য সদৰী কৰে তেওঁ। চিচিটিভিত বন্দী হৈছে বাহনখনৰ দৃশ্য।









    উল্লেখ্য যে, দুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল একে স্থানতে। বাইক লৈ অহা দুৰ্বৃত্তই এগৰাকী কণমানিক অপহৰণৰ চেষ্টা কৰিছিল। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। তথাপি নীৰৱ ভূমিকা গ্ৰহণ কৰিছে গীতানগৰ আৰক্ষীয়ে৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে স্থানীয় বাসিন্দাসকল৷