• মহানগৰীত পুনৰ দ্ৰুতগতিত কৰ’নাৰ সংক্ৰমণ: শোণিতপুৰত অব্যাহত লকডাউন

    আঞ্চলিক
    মহানগৰীত পুনৰ দ্ৰুতগতিত কৰ’নাৰ সংক্ৰমণ: শোণিতপুৰত অব্যাহত লকডাউন

    গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’নাৰ উদ্বেগজনক সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ১,৯৯২ জন লোক৷ কালিৰ দিনটোত ৰাজ্যত মৃত্যু ঘটিছে ২৭ জন লোকৰ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৬৫ শতাংশ৷ বৃহস্পতিবাৰে গুৱাহাটীত সৰ্বাধিক লোক আক্ৰান্ত হয় ৷





    কালিৰ দিনটোত মহানগৰীত আক্ৰান্ত হয় ২৬৩ জন লোক৷ আনহাতে, গোলাঘাটত আক্ৰান্ত হয় ১৫৭জন, লখিমপুৰত ১৩৫ জন আক্ৰান্ত হয়, ডিব্ৰুগড়ত ১২৫জন, শোণিতপুৰত ১১১ জন আক্ৰান্ত হৈছে৷ জিলাখনত ক'ভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন অব্যাহত থাকিব। ক'ভিড বিধিৰ কোনো শিথিলতা গ্ৰহণ কৰা নহয়। পূৰ্বৰ দৰে গেলামাল ফল-মূল আৰু শাক-পাচলিৰ দোকান বন্ধ থাকিব। কেৱল হোম ডেলিভাৰীৰ ব্যৱস্থা থাকিব। শুকুৰবাৰে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এই কথা জানিবলৈ দিয়ে।