• মহানগৰীত পুনৰ বীৰ লাচিত সেনাৰ অসমীয়াগিৰি! বন্ধ অনা-অসমীয়াৰ দোকান

    আঞ্চলিক
    মহানগৰীত পুনৰ বীৰ লাচিত সেনাৰ অসমীয়াগিৰি! বন্ধ অনা-অসমীয়াৰ দোকান

    ডিজিটেল ডেস্কঃ মহানগৰীৰ উলুবাৰীত পুনৰ বীৰ লাচিত সেনাৰ অসমীয়াগিৰি! বীৰ লাচিত সেনাৰ মহানগৰ শাখাৰ সৈনিকে বন্ধ কৰিলে অনা অসমীয়াৰ দুখনকৈ দোকান। উলুবাৰীত এজন অসমীয়া লোকৰ দোকানঘৰ ভাৰাত লৈ ৫বছৰে ভাৰা আদায় দিয়া নাছিল ৰাম ঠাকুৰ নামৰ অনা-অসমীয়া ব্যৱসায়ী এজনে।





    প্ৰায় ৭২ হাজাৰ টকা ভাৰা হিচাপে আদায় দিয়াৰ পৰিৱৰ্তে অসমীয়া স্বত্বাধিকাৰীজনক অনা অসমীয়া ৰাম ঠাকুৰে ভয়-ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাই। ৰাম ঠাকুৰৰ এখন গেলামালৰ দোকানৰ লগতে আন এখন চেলুন বন্ধ কৰি দিয়ে সংগঠনটোৱে। আনহাতে, ৰাম ঠাকুৰে গেলামালৰ দোকানখনত এজন কিশোৰক ৰখাই ব্যৱসায় চলাই যোৱাৰো অভিযোগ তুলিছে বীৰ লাচিত সেনাৰ সদস্যসকলে।
    সকলো সামগ্ৰী খালী কৰি দোকানৰ চাটাৰ মাৰি তলা লগাই দিয়ে বীৰ লাচিত সেনাৰ সৈনিকসকলে। আমালৈ অহা খবৰ অনুসৰি, ঘটনা সন্দৰ্ভত পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছে বীৰ লাচিত সেনাই।