• মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা : ব্লেডেৰে ৰেপিলে দুই যুৱকে

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত বৃদ্ধি পাৱলৈ ধৰিছে অপৰাধজনিত ঘটনা৷ ডিম্পল হত্যাকাণ্ডৰ চাঞ্চল্যৰ ওৰ নপৰোতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ এইবাৰ গীতানগৰত ব্লেডেৰে ৰেপিলে এজন লোকক৷ আঘাতপ্ৰাপ্ত লোকজনৰ নাম হৈছে মোজাহিদ আলী৷

    BSF কেম্পৰ মোজাহিদ আলীৰ বাসগৃহৰ সন্মুখত অংকুৰ শৰ্মা আৰু জিংকুমনি শৰ্মা নামৰ দুজন ভায়েক-কাকায়েকে মদ খাই অভব‍্য আচৰণ কৰিছিল৷ আৰু তেওঁলোকক বাধা প্ৰদান কৰিছিল মোজাহিদ আলীয়ে।

    বাধা দিয়াৰ বাবেই আলীৰ ডিঙিত ব্লেডেৰে ৰেপিছিল এই দুই যুৱকে৷ আঘাতপ্ৰাপ্ত আলীক ভৰ্ত্তি কৰোৱা হৈছে এখন ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয়ত৷ ইতিমধ্যে অংকুৰ শৰ্মাক আটক কৰিছে আৰক্ষীৰ।পলাতক অৱস্থাত আছে জিংকুমনি শৰ্মা৷

    Weather Forecast

    ASSAM WEATHER