• মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ ৩ লাখৰ সম্পত্তি ভস্মীভূত

    আঞ্চলিক
    মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ ৩ লাখৰ সম্পত্তি ভস্মীভূত

    গুৱাহাটীঃ মঙলবাৰে নিশা মহানগৰীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নাৰেংগীৰ ঔঘুলিস্থিত ‘প্ৰেম ফাৰ্নিচাৰ’ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কোনো দুৰ্বৃত্তই প্ৰতিষ্ঠানখনত অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে।





    অগ্নিকাণ্ডৰ ফলত ‘প্ৰেম ফাৰ্নিচাৰ’ নামৰ দোকানখনৰ লগতে ওচৰতে থকা আন এখন দোকানো ভস্মীভূত হয়। অগ্নিকাণ্ডটোত প্ৰায় তিনিলাখ টকাৰ সম্পত্তি জুইত জাহ যায়।





    পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।