National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
গুৱাহাটী : মহানগৰীত ড্ৰাগছ এতিয়া সুলভ হৈ পৰিছে। তেনেই সাধাৰণ বস্তুৰ দৰেই জন্মদিনৰ পৰা আন যিকোনো অনুষ্ঠানতে নিষিদ্ধ ড্ৰাগছৰ পয়োভৰ ঘটিছে। বহু অভিজাত লোকৰ পাৰ্টীত ড্ৰাগছৰ নিয়মীয়া ব্যৱহাৰৰ বিস্ফোৰক তথ্য আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ অহা জন্মদিনৰ ড্ৰাগছ পাৰ্টীৰ নতুন গতি স্পষ্ট হৈ পৰিছে। জন্মদিনৰ পাৰ্টীৰ নামত ড্ৰাগছ সেৱনত জড়িত থকা আৰু দুজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ফটাশিলৰ জ্যোতিকুচিৰ পৰা কৰম দাস লোক এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃত যুৱকজনৰ পৰা ২৭৯ গ্ৰাম ওজনৰ ২৩ পেকেট হেৰ’ইনৰ লগতে সাত লাখ পাছ হাজাৰ আঠশ ষাঠি টকা আৰু AS 01 EV 0141 নম্বৰৰ এখন স্কুটি জব্দ কৰে। আনহাতে, কামাখ্যা গেটৰ দুৰ্গা সৰোবৰৰ এটি ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে সৰগম দাস নামৰ এজন লোকক। ধৃত যুৱকজনৰ পৰা ১৪৬ গ্ৰাম ওজনৰ ১২ পেকেট হেৰ’ইনৰ লগতে নগদ বাৰ হাজাৰ টকা আৰু এখন AS 01 DW 6046 নম্বৰৰ বিলাসী বাহন জব্দ কৰে।
কুখ্যাত ড্ৰাগছ মাফিয়া জনী আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই দুই ড্ৰাগছ মাফিয়াক চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জব্দকৃত মুঠ ৪২৫ গ্ৰাম ড্ৰাগছৰ বজাৰ মূল্য বিশ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সম্প্ৰতি ড্ৰাগছ মাফিয়াকেইজনক চানমাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰি আছে।
Leave A Comment