Regional
গুৱাহাটীঃ সভ্যসমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে এইখন সমাজত৷ দিনদুপৰতে যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা এজন যুৱকৰ৷ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ জি এছ ৰোডৰ ‘ডাউনটাউন হাস্পতাল’ৰ বিপৰীতে থকা ব্যস্ত ৰুক্মিণীগাঁও অঞ্চলত৷ নিজৰ কৰ্মস্থলীৰ ফালে যোৱা এগৰাকী যুৱতীক স্কুটীৰে গৈ থকা যুৱক এজনে হাতত ধৰিছিল। ভুক্তভুগী যুৱতীগৰাকীয়ে ফেচবুকত এই বিষয়ে লিখি এটা পোষ্টৰ বহিঃপ্ৰকাশ ঘটাইছিল৷ তেওঁ লিখিছিল যে, “মহাগৰীত সুৰক্ষীত নহয় যুৱতী৷ মহিলাসকলক যৌন আগ্ৰহ নিবাৰণ কৰাৰ সুযোগ বিচাৰি উলিয়ায় লম্পদ পুৰুষে!”
ঘটনা অনুসৰি, পাঞ্জাবাৰীৰ বাসিন্দা মধুছনা ৰাজকুমাৰ বুলি চিনাক্ত কৰা অভিযুক্তজনে বিপৰীত ফালৰ পৰা অহা ভুক্তভোগীৰ কাষ চাপিছিল। লম্পট মধুছনে এটা ঠিকনাৰ বিষয়ে সোধা-পোছা কৰিছিল যুৱতীগৰাকীক। যুৱতীগৰাকীয়ে ‘‘ঠিকনাটো চিনি নাপাওঁ’’- বুলি কৈছিল৷ পাছত লম্পটটোৱে মহিলাগৰাকীৰ গোপনীয় অংশত হাতত দিবলৈ চেষ্টা কৰিছিল৷
এই আকস্মিক কাৰ্যত আচৰিত হৈ ভুক্তভোগী যুৱতীগৰাকীয়ে লম্পট মধুছনাক পলাই যাবলৈ সময় নিদিলে আৰু তাৰ পৰিৱৰ্তে তেওঁক সকলো শক্তিৰে টানি নি স্কুটীখন ঘূৰাই আনিবলৈ চেষ্টা কৰিলে৷ লম্পটটো স্কুটীসহ নলাত পৰিছিল আৰু তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷
Leave A Comment