• মহানগৰীৰ কটাহবাৰীৰ পৰা উদ্ধাৰ অপহৃত শিশু : আটক ৭

    আঞ্চলিক
    মহানগৰীৰ কটাহবাৰীৰ পৰা উদ্ধাৰ অপহৃত শিশু : আটক ৭

    গুৱাহাটী : মহানগৰীৰ কটাহবাৰীৰ পৰা উদ্ধাৰ হয় এটি অপহৃত শিশু৷ অপৰাধ শাখা, বশিষ্ঠ আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় শিশুটি৷ তিনিদিনপূৰ্বে অপহৃত হৈছিল ৩ মহীয়া শিশুটি৷ ইতিমধ্যে মাতৃক চমজাই দিয়া হৈছে শিশুটি৷ ঘটনা সন্দৰ্ভত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷





    অপহৰণৰ মাষ্টাৰমাইণ্ড জাহাংগীৰ আলমকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ৩মহীয়া শিশুটি অপহৰণ সন্দৰ্ভত আৰক্ষী উপায়ুক্তই ভালেমান গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয়, 'ক্ৰাইম ব্ৰাঞ্চ আৰু বশিষ্ঠ আৰক্ষীৰ সহযোগত ধীৰেনপৰাৰ পৰা উদ্ধাৰ কৰা হয় শিশুটো।পৰিকল্পিতভাৱে অপহৰণ কৰা হৈছিল শিশুটোক। অপহৰণ কাণ্ডৰ অন্যতম অভিযুক্ত জহাংগীক গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।বৰ্তমানেও অব্যাহত আছে অপহৰণকাণ্ডৰ তদন্ত৷