• মহানগৰীৰ বামুণীমৈদামত নৃশংস হত্যাকাণ্ড: শুই থকা কোঠাতেই ককায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে

    আঞ্চলিক
    মহানগৰীৰ বামুণীমৈদামত নৃশংস হত্যাকাণ্ড: শুই থকা কোঠাতেই ককায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে

    ডিজিটেল ডেস্ক : মহানগৰীৰ আন এটা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম৷ শুই থকা কোঠাতেই ককায়েকক হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে৷ এইবাৰ স্থান মহানগৰীৰ বামুণীমৈদাম কুশল নগৰ৷ ড্ৰাগছ আসক্ত হোৱাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয় বুলি জানিবলৈ পোৱা গৈছে৷ পৰিয়ালৰ লোকে সদৰী কৰা তথ্য অনুসৰি, নিশা একে কোঠাতে শুইছিল দুই ভাই-ককাই জিন্তু দাস (২০) আৰু কমল দাস (২২)৷ আৰু এনেতে নিশা দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত ঘটে৷ প্ৰথমে কথা কটা-কটি, পাছত নৃশংস হত্যাৰ বলি হয় জেষ্ঠ ভাতৃ কমল৷





    মহানগৰীৰ বামুণীমৈদামত নৃশংস হত্যাকাণ্ড




    ভায়েক জিন্তুৰ আক্ৰমণত থিতাতেই প্ৰাণ হেৰুৱাই কমল দাসে৷ মাতৃ-ভগ্নী ঘৰত থকা অৱস্থাতে সংঘটিত হয় হত্যাকাণ্ডটো৷ আনহাতে আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, দুই ভাতৃ ড্ৰাগছ আসক্ত আছিল৷ সঘনাই সেৱন কৰিছিল মাৰাত্নক ড্ৰাগছ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে চানমাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷





    মহানগৰীৰ বামুণীমৈদামত নৃশংস হত্যাকাণ্ড




    এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি৷ অপৰাধৰ ৰম্যভূমিলৈ পৰ্যব্যক্ষিত হৈছে নেকি উত্তৰ-পূৰ্বৰ মূল দুৱাৰ স্বৰূপ গুৱাহাটী মহানগৰী৷ মহানগৰীত হোৱা হত্যা, লুণ্ঠনৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি গুৱাহাটীত চিচিটিভিৰ নিৰীক্ষণৰ ক্ষেত্ৰত কঠোৰ হৈছে মহানগৰ প্ৰশাসন৷ কঠোৰ হৈছে আইন৷ তথাপিও যেন অপৰাধ নিৰ্মূল কৰিব পৰা নাই প্ৰশাসনে৷ কেতিয়াবা যদি ৰাজপথত, কেতিয়াবা ঘৰৰ চৌহদতেই হত্যাৰ বলি হৈছে মহানগৰীৰ জনতা৷ বামুণীমৈদাম সংঘটিত হোৱা এই হত্য়াকাণ্ডই সকিয়াই দিছে মানৱ সমাজত ড্ৰাগছৰ পৰিণামৰ কথা৷ ককাই-ভাইৰ মধুৰ সম্পৰ্কও নিশেষ হৈ গৈছে এটি নিশাতেই৷ আচলতে ভুল কাৰ!