• মহানগৰীৰ ৩টা ৱাৰ্ডক কন্টেইনমেন্ট জ'ন ঘোষণা ! দিয়া হ'ল নতুন নিৰ্দেশনা

    আঞ্চলিক
    মহানগৰীৰ ৩টা ৱাৰ্ডক কন্টেইনমেন্ট জ'ন ঘোষণা ! দিয়া হ'ল নতুন নিৰ্দেশনা

    গুৱাহাটী : মহানগৰীৰ ক'ভিড পৰিস্থিলৈ লক্ষ্য কৰি কামৰূপ মেট্ৰ' জিলা উপায়ুক্তই এক সংবাদমেলযোগে ৩টা ৱাৰ্ডক কন্টেইনমেন্ট জ'ন ঘোষণা কৰে ৷ গুৱাহাটীৰ১৬, ৮, ২৮ নং ৱাৰ্ড কণ্টেইনমেণ্ট জ’ন ঘোষণা৷ বৃহস্পতিবাৰৰ ২ বজাৰ পৰা এই নিৰ্দেশনা বলৱৎ হ'ব।





    আৰু পঢ়িব পাৰিব : অজয়-টাবুৰ দৃশ্যম-২ক লৈ অনিশ্চয়তা, কিন্তু কিয়?





    বেলতলা, বশিষ্ঠ, হাতীগাঁও কণ্টেইনমেণ্ট জ’ন৷ ৪০০তকৈ বেছি ৰোগী থকা ৱাৰ্ডসমূহ কণ্টেইনমেণ্ট জ’ন ঘোষণা৷ ফটাশিল, ভাস্কৰনগৰ, ধীৰেনপাৰা, বৰ্ষাপাৰা, ভূতনাথ, আঠগাঁও, মাছখোৱা, এ টি ৰোড কণ্টেইনমেণ্ট জ’ন ঘোষণা৷





    উল্লেখ্য যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা এলেকাত অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ’ব৷ গেলামালৰ দোকানৰ ক্ষেত্ৰত ৰেহাই দিয়ে প্ৰশাসনে৷ ৮ বজাৰ পৰা ১২ বজালৈহে খুলিব পাৰিব দোকান৷ কণ্টেইনমেণ্ট জ’নৰ পৰা প্ৰৱেশ-প্ৰস্থান নিষিদ্ধ কৰে৷





    আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক





    ফাৰ্মাচী আৰু পশু খাদ্যৰ দোকানক ৰেহাই দিয়ে যদিও মাছ-মাংস আৰু পাচলিৰ ব্যৱসায়ীৰ প্ৰৱেশত অনুমতি প্ৰদান কৰে৷ অত্যাৱশ্যকীয় সামগ্ৰী, ব্যৱসায়ৰ লগত জড়িত লোকে ২ বজালৈ প্ৰতিষ্ঠান খোলা ৰাখিব পাৰিব। মহানগৰ প্ৰশাসনে অতি শীঘ্ৰেই ৪ হাজাৰ আইছ'লেছন বিচনাৰ ব্যৱস্থা কৰিব। জিলাখনত প্ৰায় ১২ হাজাৰ লোক আক্ৰান্ত হৈছে এতিয়ালৈ।