• মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে থাকিব ৫টা অপচন : শিক্ষামন্ত্ৰী

    আঞ্চলিক
    মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে থাকিব ৫টা অপচন : শিক্ষামন্ত্ৰী

    গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নামভৰ্তি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে। বিগত বছৰসমূহ তুলনাত এইবৰ্ষত উত্তীৰ্ণৰ হাৰ বেছি বুলি সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়ায় পেগুৱে। নামভৰ্তিৰ বাবে এটা নিৰ্দিষ্ট ৱেব প’ৰ্টেলৰ জৰিয়তে সকলোৱে পঞ্জীয়ন কৰিব লাগিব। চৰকাৰী, ব্যক্তিগত আৰু অপ্ৰাদেশীকৃত সকলোৱে পঞ্জীয়ন কৰিব লাগিব।





    কোন মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰে তাৰ বাবে ৫ টা বিশেষ অপশ্যন থাকিব। বহু শিক্ষাৰ্থীয়ে বেছিকৈ আসন বুক কৰে, কিন্তু এইবাৰ অনলাইন হ'লে কেৱল এখন মহাবিদ্যালয়তহে আসন সংৰক্ষিত কৰিব পাৰিব বুলিও সদৰী কৰে তেওঁ। বহু মহাবিদ্যালয়ৰ পঞ্জীয়ন নাই, ‘apply for’ অপশ্যনত লিখিব লাগিব।





    স্নাতক পৰ্যায়ৰ মহবিদ্যালয়ত ২০% আসন বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে, প্ৰয়োজন সাপেক্ষে ‘ইভিনিং’ আৰু ‘মৰ্নিং চীফ্ট’ৰ পৰামৰ্শ আগবঢ়োৱা হৈছে বুলিও সাংবাদিকক জনায় তেওঁ। ‘যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে ছিট পাবই, সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম’- বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে। অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে অতি সোনকালে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলিও জনায় পেগুৱে।