National
Mr Adani, who controls a conglomerate that includ
গুৱাহাটী: ক’ভিডৰ তৃতীয়টো ঢৌ সমাগত! ইতিমধ্যে ৰাজ্য চৰকাৰে চলাইছে যুঁজ দিয়াৰ বাবে চলাইছে প্ৰস্তুতি৷ আজি চৰকাৰে মুকলি কৰিছে এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্ৰেটৰ৷ আজি জনতা ভৱনত এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্ৰেটৰ মুকলি কৰা হয়৷ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীয়ে যোগান ধৰিছে অক্সিজেনযুক্ত এম্বুলেন্স৷ মুঠ ১৫খন এম্বুলেঞ্চ আৰু অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে কোম্পানীটোৱে৷ ইয়াৰ সন্দৰ্ভত ডঃ শৰ্মাই কিছু মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে, ক'ভিড মহামাৰীত ৰাজ্যত ৬,৫০০গৰাকী ৰোগীৰ মৃত্যু ঘটিছে৷ দেশত ক'ভিডৰ তৃতীয় ঢৌ সমাগত৷
ইপিনে ছেপ্টেম্বৰত সকলো খুলি দিয়া হ’ব৷ বাছ, স্কুল, মহাবিদ্যালয় বিদ্যালয় সকলো খুলি দিয়া এই সময়ছোৱাত সকলোৱে ক'ভিড নিৰ্দেশনা মানি চলিবলৈ ৰাইজলৈ আহ্বান জনায়৷ লগতে ৰাজ্য চৰকাৰৰ এটা মাহত ৬১ লাখ ভেকচিন দিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে তেওঁ৷ আগন্তুক সময়ত ৭০ লাখ ভেকচিন দিয়াৰ পৰিকল্পনা লৈছে ৰাজ্য চৰকাৰে৷ ক'ভিড দ্বিতীয় ভেকচিন নোলোৱাসকলে দ্বিতীয় ভেকচিন ল'বলৈ ওলাই আহক৷ ক'ভিডৰ দ্বিতীয় ঢৌত প্ৰায় ৪৫ হাজাৰ লোকে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডলৈ অনুদান আগবঢ়াই মানৱীয়তা দিশটো দাঙি ধৰিছে৷
Leave A Comment