Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
বাকসা : ৰাজ্যত নিতৌ এটাৰ পাছত এটাকৈ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাক লৈ যথেষ্ট নিৰাপত্তাহীনতাত ভুগিছে যুৱতী-নাবালিকা৷ এইবাৰ এনে এক ঘটনা সংঘটিত হ'ল বাকসা জিলাৰ তামুলপুৰত৷ তামুলপুৰত এগৰাকী ৯ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই এটা লম্পটে৷
আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ে প্ৰাণ ল’লে মহিলাৰ!
তামুলপুৰৰ পশ্চিম ঝাৰগাঁৱৰ ব্ৰজেন কলিতা নামৰ ৪৪ বছৰীয়া ব্যক্তিজনে সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড। যোৱা ২৫ জুনত নাবালিকাগৰাকীয়ে ভায়েকৰ সৈতে পথাৰত মাছ ধৰিবলৈ যাওতে ব্ৰজেন কলিতা নামৰ ব্যক্তিজনে সংঘটিত কৰে যৌন নিৰ্যাতন। পৰৱৰ্তী সময়ত কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পোহৰলৈ আহে এই ঘটনা।
আৰু পঢ়িব পাৰিব : বজালীৰ ভৱানীপুৰত ৰহস্যজনকভাৱে আত্মহত্যা যুৱকৰ
আজি পৰিয়ালৰ লোকে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ব্ৰজেন কলিতাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment