Regional
মাজুলী : আজি ‘বিশ্ব পৰ্যটন দিৱস’। আজিৰ এই বিশেষ দিনটোত উছাহ নাই মাজুলীৰ পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মাজত। বিগত দুটা বছৰে ক’ভিড-১৯ৰ বাবে বিধ্বস্ত হৈ পৰিছে দেশৰ পৰ্যটন খণ্ড, মাজুলীও ব্যতিক্ৰম নহয়। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে শাৰদীয় উৎসৱৰ মূৰ্চনা উঠিছে মাজুলীত। এই সময়ত পূৰ্বে আগমন ঘটিছিল বহু দেশী-বিদেশী পৰ্যটকৰ। কিন্তু দুবছৰে পৰ্যটনৰ সংখ্যা পূৰ্বৰ তুলনাত তেনেই সীমিত!
মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈছে ‘ৰাস মহোৎসৱ’আৰু ‘পালনাম’। শৰতৰ বতৰত পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা শেৱালিৰ গোন্ধ। শৰত মানেই শইচৰ সম্ভাৱনা, সেউজীয়া পথাৰ, শুভ্ৰ কঁহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান, নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু। মাজুলীত এতিয়া লহপহীয়া, সেউজীয়া হৈ উঠিছে পথাৰ। শুভ্ৰ কঁহুৱাৰ ফুলৰ নাচোনত বাংময় হৈছে মাজুলীৰ সৌন্দৰ্য। সুশোভিত মায়াময় পৰিৱেশে সকলোকে আকৰ্ষিত কৰিছে।
কিন্তু ক’ভিডৰ বাধাই এই সৌন্দৰ্য উপভোগ কৰাৰ পৰা বিৰত কৰিছে পৰ্যটকক। ক’ভিডসৃষ্ট পৰিৱেশ আৰম্ভ হোৱাৰ পাছৰে পৰা মাজুলীৰ ল’জসমূহ বন্ধ হৈ পৰিছে। মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ সুদিন ঘূৰি অহালৈ অপেক্ষা কৰি ৰৈ থকা পৰ্যটনখণ্ডৰে জড়িত লোকসকল পুনৰ আশাহত হৈছে, কাৰণ ৮ ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাৰ পাছৰে পৰা মাজুলী-নিমাতীঘাটৰ যাতায়াত ব্যৱস্থাই সাধাৰণ ৰাইজক জুৰুলা কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কিছু পৰিমাণে সুবিধা প্ৰদান কৰিছে যদিও সেয়া বৰ্তমান সুলভ নহয়, কাৰণ ইপাৰ-সিপাৰ হ’বলৈ যাত্ৰীয়ে কেইবাঘণ্টা ধৰি দীঘলীয়া শাৰী পাতি কৰিব লাগে টিকট। যাতায়াত ব্যৱস্থা যদি এনেদৰেই অব্যাহত থাকে, তেতিয়া মাজুলীলৈ যে পৰ্যটক অহাৰ সংখ্যা কমিব নিশ্চিত! মাজুলীৰ পৰ্যটকখণ্ডৰ সৈতে জড়িত কৰ্মীসকলৰ চৰকাৰলৈ এটাই আহ্বান যে, ‘মাজুলী আৰু নিমাতীঘাটৰ মাজত আগন্তুক ৰাস আৰু পালনামৰ পূৰ্বে আৰু কেইখনমান ফেৰী সংযোগ কৰি বৰ্তমান হৈ থকা যাতায়াত ব্যৱস্থা সুচল কৰক।’ ফেৰী দুৰ্ঘটনাৰ দৰে ভয়ংকৰ ঘটনা ঘটি যোৱাৰ পাছত এতিয়া তেওঁলোকৰ সুচল যাতায়াতৰ সৌভাগ্য লাভ হ’বনে?
Leave A Comment