• মাজুলীৰ নদী দুৰ্ঘটনাত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

    আঞ্চলিক
    মাজুলীৰ নদী দুৰ্ঘটনাত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

    মাজুলী : ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত মাজুলীৰ নদী দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতীঘাটমুখী দুখন ফেৰীৰ মাজত আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।





    ইপিনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেখেতে তাৎক্ষণিকভাৱে ফোনযোগে আলোচনা কৰে৷ লগতে যাত্ৰীসকলক উদ্ধাৰৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।





    কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ তৰফৰপৰাও এইক্ষেত্ৰত যথাসম্ভৱ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।