• মাজুলীৰ বাবে অন্ততঃ খুঁটা এটা হ’ল!

    আঞ্চলিক
    মাজুলীৰ বাবে অন্ততঃ খুঁটা এটা হ’ল!

    মাজুলী : আজি মাজুলীবাসীৰ মাজত দেখিবলৈ পোৱা গ’ল ব্যাপক উৎসাহ-উদ্দীপনা৷ এক দীৰ্ঘদিনীয়া সপোন আজি বাস্তৱৰ দিশে। আৰু এখোজ আগবাঢ়িছে মাজুলীবাসী৷ মাজুলীৰ সপোন, অসমবাসীৰ বাবে এক আৱেগস্বৰূপ এই দলঙখনৰ নিৰ্মাণৰ কাম আজি শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ যোৰহাট-মাজুলী দলং নিৰ্মাণক লৈ দীৰ্ঘদিনীয়া প্ৰতিবাদ, আলোচনাৰ অন্তত আজি আগবাঢ়িছে নিৰ্মাণৰ কাম৷





    ২০১৬ত চনতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ ইয়াৰ পাছতে ২০২১ত ভূমি পূজন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দলং নিৰ্মাণৰ চোৱাচিতাৰ দায়িত্ব অৰ্পন কৰা হৈ বিত্তমন্ত্ৰী অজন্তা নেওগক৷ প্ৰায় ৯২৬ কোটি টকা ব্যয় সাপেক্ষে দলং আগন্তুক চাৰি বছৰৰ ভিতৰত দলঙৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে৷









    মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খুঁটাৰ কাম আজিৰ পৰা আৰম্ভ হ’ব। দক্ষিণপাটত নিৰ্মাণ কৰা সভাকক্ষতে হাজাৰ-হাজাৰ লোকৰ উপস্থিতিত মাজুলীৰ ৫৩৩ গৰাকী মাইক্ৰ’ ফাইনেঞ্চৰ পৰা লোণ লোৱা হিতাধিকাৰীক চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে।





    মাজুলীৰ দলঙক লৈ বহু ৰাজনীতি চলিল, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিজেপি চৰকাৰৰ দিনতেই হওক৷ নিৰ্বাচনৰ সময়ত দলঙৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ দিনত ৰাজীৱ লোচন পেগু, বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱালেও শাসন কাল পাৰ কৰিলে৷ সৰ্বানন্দ সোণোৱালৰ দিনত দলঙৰ প্ৰাৰম্ভিক কাৰ্যই পোখা মেলিছিল যদিও পৰৱৰ্তী সময়ত লেহেমীয়া কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল মাজুলীবাসীয়ে৷ ৮ ছেপ্টেম্বৰত নিমাতী-মাজুলীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছতহে কিছু দলঙক লৈ কিছু তৎপড়তা দেখুওৱা পৰিলক্ষিত হৈছিল শাসকীয় চৰকাৰে৷ দুৰ্ঘটনাত চকুৰ সন্মুখতে ব্ৰক্ষ্মপুত্ৰৰ বুকুত চিৰদিনলৈ হেৰাই গৈছিল তিনিগৰাকী লোকৰ প্ৰাণ৷