Lifestyle
গুৱাহাটী : নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাক লৈ ইতিমধ্যে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰী বিভাগ এই ঘটনাৰ বাবে পোনপটীয়াকৈ দোষাৰোপ কৰিছে বিভিন্নজনে৷
জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ জুবিনে ফেচবুকত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে, ‘সকলো কুশলে থাকক৷ আগলৈ যাতে এনেকুৱা নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ'বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷" লগতে তেওঁ কয়, "মাজুলী মোৰ নিজৰ ঠাই৷ মই সদায় লগত আছোঁ।’
উল্লেখ্য যে, মাজুলীৰ এই ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে জল পৰিবহণ ব্যৱস্থাত যথেষ্ট কঠোৰতা অৱলম্বন কৰিছে বুলি জানিব পৰা গৈছে৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে৷
Leave A Comment