• মাতৃস্নেহত মোহাবিষ্ট অখিলঃ মনৰ বতৰাৰে পাৰ হ’ল উজাগৰী নিশা

    আঞ্চলিক
    মাতৃস্নেহত মোহাবিষ্ট অখিলঃ মনৰ বতৰাৰে পাৰ হ’ল উজাগৰী নিশা

    যোৰহাট: মাতৃ-পুত্ৰৰ নিভাঁজ সৰ্ম্পক মধুময় কৰাৰ এক সোণোৱালী ইতিহাস ৰচিত হৈছে এইখন অসমত৷ পুত্ৰই হৈছে মাতৃৰ বাবে বিশেষ দৰব৷ পুত্ৰৰ এক ক্ষণ দৰ্শনে মাতৃৰ পৰা দূৰ কৰিব পাৰে সকলো বেজাৰ৷ এই সোণোৱালী ইতিহাসৰ সাক্ষী হ'ল সমগ্ৰ অসম৷





    বিগত ডেৰবছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা ‘কা' আন্দোলনত মুখ্য ভূমিকা পালন কৰা অখিল গগৈক প্ৰথমে ‘নিয়া’ আদালতৰ দ্বাৰা অনুমোদন পায় দুদিনৰ বাবে স্বগৃহত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ পুত্ৰ অখিল গগৈক কাষত পাই আনন্দিত মাতৃ প্ৰিয়দা গগৈ৷ ‘প্ৰাগ নিউজ’ৰ আগত আনন্দ ব্যক্ত কৰিলে মাতৃ প্ৰিয়দাই৷ ওৰেনিশা কথা পাতি কটালে মাতৃ-পুত্ৰই৷ উৎকট গৰমত বিচনীৰে বা লৈ পাতিলে কথা৷ পুত্ৰ পুনৰ জে’ললৈ উভতি যোৱাত ক্ষোভ নাই মাতৃৰ৷





    মাতৃক কাষত পোৱাৰ হেঁপাহ পূৰ্ণ হ’ল বিধায়কগৰাকীৰ৷ মাতৃৰ বুকুত মূৰ গুঁজি দি শুনিলে বহু কথা৷ বৃদ্ধা মাতৃক লৈ বহু চিন্তাত আছিল অখিল গগৈ৷ 'মাৰ বাবে মই এটা টেবলেট' -বুলিও অখিল গগৈয়ে ব্যক্ত কৰে। লগতে ‘প্ৰাগ নিউজ’কো ধন্যবাদ জনায় অখিল গগৈয়ে।