• মাতৃৰ চকুৰ সন্মুখতে বৰলুইতৰ বুকুত বিলীন কন্যা

    আঞ্চলিক
    মাতৃৰ চকুৰ সন্মুখতে বৰলুইতৰ বুকুত বিলীন কন্যা

    মাজুলী: নাওখন লাহে লাহে বৰলুইতৰ বুকুলৈ ঢাপলি মেলিছিল! সময় তেতিয়া আবেলি প্ৰায় ৪ বাজিছিল, নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ বুলি নাওখনে যাত্ৰা আৰম্ভ কৰিছিল৷ আৰু এনেতে ভৰা ব্ৰহ্মপুত্ৰত ‘টিপকাই’ নামৰ জাহাজৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল ‘মা কমলা’ নামৰ নাওখনৰ৷ মুহূৰ্ততে মহাবাহুৰ বুকুত বাজি উঠিছিল মৃত্যুৰ কিৰিলি৷ নাওখনত থকা যাত্ৰীসকলৰ মাজত গুৱাহাটীৰ পৰিমিতা দাসৰ মৰ্মান্তিক কাহিনীয়ে সকলোকে কন্দোৱাইছিল৷ এই দুৰ্ঘটনাটোত প্ৰাণবায়ু উৰি গৈছিল মহানগৰীৰ কাহিলীপাৰাৰ প্ৰবক্তা পৰিমিতা দাসৰ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে মাতৃৰ সৈতে ‘আঠখেলীয়া নামঘৰ’ত শৰাই এভাগ আগবঢ়াই কৰ্মক্ষেত্ৰলৈ ওভতাৰ পথতে বৰলুইতৰ বুকুত বিলীন হৈছিল পৰিমিতা৷ যদিও নগাঁৱৰ বেবেজীয়াত পিতৃগৃহ, পৰৱৰ্তী সময়ত পৰিমিতাৰ পৰিয়াল গুৱাহাটীৰ বাসিন্দা হৈ পৰিছিল৷





    পৰিমিতা দাস




    মাজুলীৰ ‘ৰঙাচাহী মহাবিদ্যালয়’ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল তেওঁ৷ আৰু কৰ্মসূত্ৰে মাজুলীত বাস কৰিছিল প্ৰবক্তাগৰাকীয়ে৷ পৰিমিতাৰ পিতৃ আছিল আৰক্ষীৰ বিশেষ শাখাৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক৷ বিগত ২৭ ফেব্ৰুৱাৰীত ‘ৰঙাচাহী মহাবিদ্যালয়’ত অধ্যাপিকাৰ পদত নিযুক্তি লাভ কৰিছিল তেওঁ৷ কৰ’নাৰ নতুন এছঅ’পি অনুসৰি মহাবিদ্যালয় খোলাৰ নিৰ্দেশ দিছিল অসম চৰকাৰে৷ যাৰ বাবে দীৰ্ঘদিনৰ বিৰতিৰ পাছত ১০দিনৰ পূৰ্বে তেওঁক মাজুলীলৈ থ’বলৈ গৈছিল মাতৃ সীমাৰাণী ভূঞা৷ আৰু কালি মাতৃৰ উভতনি যাত্ৰা আছিল৷ মাজুলীৰ পৰা উভতি অহাৰ পথত মাতৃ-কন্যাই পুৱাতে আঠখেলীয়া নামঘৰ দৰ্শন কৰি নিমাতীঘাটলৈ আহিছিল৷ আৰু নিমাতী ঘাটৰ পৰা ফেৰীৰে যাত্ৰা কৰি নৈশ বাছত মাতৃক বহুৱাই পুনৰ মাজুলীলৈ উভতি যোৱাৰ কথা আছিল৷ কিন্তু নিয়তিৰ কি পৰিহাস! মাতৃৰ সন্মুখতে পৰিমিতা উঠা ফেৰীখন মুহূৰ্ততে বহ্মপুত্ৰৰ বুকুত সোমাই যায়৷ লগে নিখোঁজ হৈ পৰে বহু যাত্ৰী৷ তাৰ-মাজতে উদ্ধাৰ হ’ল পৰিমিতাৰ শেতা পৰা দেহ৷ লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল পৰিমিতাক৷ কিন্তু চিকিৎসালয় পোৱাৰ পাছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷





    পৰিমিতা দাস




    তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁই বিৰাজ কৰিছে৷ মেধাসম্পন্ন পৰিমিতাই ২০১৬ বৰ্ষত ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ পৰা অসমীয়া বিভাগত সু-খ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ তাৰপাছত অধ্যাপিকাৰ পদত নিযুক্তি লাভ কৰিছিল পৰিমিতাই৷ বুধবাৰে মাতৃৰ গৃহাভিমুখী যাত্ৰাত বিদায় দিব আহি চিৰবিদায় মাগিলে মেধাৱী পৰিমিতাই৷








    চকুৰ সন্মুখতে মহাবাহুৰ বুকুত মৃত্যুৰ কিৰীলি




    ভয়ংকৰ দুৰ্ঘটনাটোক লৈ ম্ৰিয়মাণ নিমাতীৰ নৈপৰীয়াবাসী৷ নিশা কাটি পেলোৱা হ’ল অভিশপ্ত ‘মা কমলা’ নামৰ নাওখন৷ তন্ন-তন্নকৈ চোৱাৰ পাছতো নাওখনত নোলাল অন্য লোকৰ মৃতদেহ৷ নাওখনৰ যাত্ৰীসকলৰ কিছুসংখ্যক টালি-টোপোলা, সা-সামগ্ৰীসমূহ উদ্ধাৰ কৰা হৈছে।