• মানচেষ্টাৰ টেষ্টৰ পূৰ্বেই বন্ধ অনুশীলন, বাতিল হ’ব পাৰে পঞ্চম টেষ্ট !

    আঞ্চলিক
    মানচেষ্টাৰ টেষ্টৰ পূৰ্বেই বন্ধ অনুশীলন, বাতিল হ’ব পাৰে পঞ্চম টেষ্ট !

    লণ্ডনঃ ভাৰতীয় শিবিৰত কৰ’নাৰ আতংক। কৰ’না সংক্ৰমণৰ বাবে ভাৰত-ইংলেণ্ডৰ মাজৰ অন্তিম টেষ্টৰ অনুশীলন বাতিল কৰা হৈছে। ৰবি শাস্ত্ৰীসহ ৩গৰাকী সহায়ক সদস্য ইতিমধ্যে কৰ’নাক্ৰান্ত হৈছে। ইয়াৰ মাজতে ভাৰতীয় শিবিৰত আন এক দুঃসংবাদ।ভাৰতীয় শিবিৰত পুনৰ এগৰাকী সহায়ক সদস্য কৰ’নাত আক্ৰান্ত হৈছে। সেইবাবে খেলৰ আগদিনা অনুশীলন বাতিল কৰা হ’ল মানচেষ্টাৰত। ইএছপিএন ক্ৰিকেইনফোৱেৰ প্ৰতিবেদন অনুসৰি, ‘বুধবাৰে নিশা কৰা ক’ভিড পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে পুৱা প্ৰকাশ পাইছে।





    ফলাফলত এজন ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱাৰ বুলি প্ৰকাশ পাইছে। খবৰ বিয়পি পৰা পাছত বাতিল কৰা হৈছে অনুশীলন।’ সম্প্ৰতি কোনো ক্ৰিকেটাৰ ক’ভিড-১৯ত আক্ৰান্ত হোৱা নাই যদিও ক্ৰিকেটাৰসকলে সহায়ক কৰ্মচাৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত থকাৰ বাবে নিৰীক্ষণত ৰখা হৈছে। এনে জটিল পৰিস্থিতিত, মানচেষ্টাৰত টেষ্ট অনুষ্ঠিত কৰিব বিচৰা নাই বোৰ্ডে । সংক্ৰমণৰ সংখ্যা বৃদ্ধি পালে ১৯ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত প্ৰভাৱ পৰিব বুলি শংকিত কৰ্তৃপক্ষ।





    উল্লেখ্য যে, চতুৰ্থ টেষ্টৰ সময়ত কৰ’নাক্ৰান্ত হৈছিল ৰবি শাস্ত্ৰী, বলিং প্ৰশিক্ষক ভাৰত অৰুণ, ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ। দলৰ ফিজিঅ'থেৰাপিষ্ট নিতিন পেটেলে এওলোকৰ সংস্পৰ্শলৈ অহা বাবে আইছ’লেশ্যনত থাকিব লগীয়া হৈছিল। অৱশ্যে, পৰৱৰ্তী সময়ত আৰটিপিচিআৰ পৰীক্ষাত ক’ভিড ফলাফল নিগেটিভ আহিছিল নিতিন পেটেলৰ। গ্ৰেট ব্ৰিটেইনৰ নিয়ম অনুসৰি, এগৰাকী ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিয়ে ১০ দিনৰ বাবে হোম আইছ’লেশ্যনত থাকিব লাগিব। পৰৱৰ্তী সময়ত দুবাৰ নিগেটিভ আহিলেহে বাহিৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয়। গতিকে মানচেষ্টাৰত পঞ্চম টেষ্ট সমাপ্ত হ'লেও ৰবি শাস্ত্ৰী, ভাৰত অৰুণ আৰু আৰ শ্ৰীধৰে লণ্ডনত থাকিব লাগিব।