• মানৱতা! ফেৰীঘাটত নিশা কটোৱা যাত্ৰীক অন্নদান এটি পৰিয়ালৰ

    আঞ্চলিক
    মানৱতা! ফেৰীঘাটত নিশা কটোৱা যাত্ৰীক অন্নদান এটি পৰিয়ালৰ

    মাজুলী : 'এমুঠি অন্ন দিয়াটো আমাৰ কৰ্তব্য৷ তেওঁলোক দিনৰ ১১ বজাৰ পৰা ভোকত আছিল৷ আমি নিশাটোৰ আহাৰ যোগান ধৰিব পাই সুখী৷' নিমাতীৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাছতো শেষ হোৱা নাই ফেৰীত যাত্ৰীৰ দুৰ্দশা৷ শোকাবহ দুৰ্ঘটনাটোৰ পাছতো ফেৰী যাত্ৰীসকলৰ পুনৰ সন্মুখীন হৈছে ভয়ংকৰ বিপদৰ৷ কিন্তু এই বিপদৰ সময়ত দেৱদূত হিচাপে আগুৱাই আহে এটি পৰিয়াল৷ আৰু মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে পৰিয়ালটোৱে৷ ঘটনাৰ বিৱৰণী অনুসৰি, মাজুলী অফলামুখ ঘাটত শনিবাৰে সন্ধিয়া ১০জন যাত্রীক নমাই দিছিল ফেৰীখনৰ পৰা৷ ভোকে লঘোনে, মহৰ কামোৰণিত বালি চাপৰিত পৰি ৰৈছিল যাত্রীসকল৷





     ফেৰীঘাটত নিশা কটোৱা যাত্ৰীক অন্নদান এটি পৰিয়ালৰ




    নিশা মাজুলী অফলামুখ ফেৰীঘাটত ফেৰীত পাৰ হ'ব নোৱাৰি ভোকে লঘোনে ১০ জন যাত্রী পৰি আছিল নদীৰ পাৰত।এই বাতৰি প্ৰাগ নিউজৰ টেলিভিছনত পোণ-পটীয়াকৈ সম্প্ৰচাৰ হোৱাৰ পাছতেই লোকসকলক সহায় কৰিবলৈ আগুৱাই আহে এটি পৰিয়াল৷ নিশা ৯:৪৫ মিনিটত প্ৰাগ নিউজত পোন পটিয়াকৈ সম্প্ৰচাৰ হৈছিল সেই দুখদ্বায়ক ঘটনা।





    প্ৰাগ নিউজৰ বাতৰি 




    প্ৰাগ নিউজৰ বাতৰি দেখি নদীৰ ঘাটলৈ দৌৰি আহিল দক্ষিণপাট অঞ্চলৰ এটা পৰিয়াল আৰু যোগান ধৰিলে এমুঠি অৰ্ন্নৰ। মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে পৰিলটোৱে। নিদিষ্ট সময়ত নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে ফেৰীৰ পৰা নমাই দিছিল ১০ যাত্রীক। জনপ্ৰতিনিধি বা জলপৰিবহন বিভাগৰ কোনো লোকে সহায়ৰ হাত আগবঢ়োৱা নাছিল যাত্ৰসকলক৷ অৱশেষত নিশা মাজুলীৰ দক্ষিণপাটৰ পৰিয়ালটোৱে এমুঠি অন্নদান কৰি দাঙি ধৰে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন৷