• মালা বিক্ৰীৰে উপাৰ্জন প্ৰায় ৫০লাখ টকা !

    আঞ্চলিক
    মালা বিক্ৰীৰে উপাৰ্জন প্ৰায় ৫০লাখ টকা !

    ডিজিটেল ডেস্ক : চাকৰি কৰাৰ ইচ্ছা সামৰি আত্মনিৰ্ভৰশীলতাৰ পথত ধাৱমান হৈছে আজিৰ যুৱ-প্ৰজন্ম৷ প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ আত্মবিশ্বাস থাকিলে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। স্বাৱলম্বিতাৰ দিশটো যদিও প্ৰত্যাহ্বানজনক তথাপি এনে প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ আগ্ৰহী আজিৰ শিক্ষিত নিবনুৱা৷ লামডিঙৰ এজন যুৱকে এনে এক প্ৰত্যাহ্বান গ্ৰহণ কৰি দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন৷ বহু নিবনুৱা যুৱকে কর্ম সংস্থাপণৰ বাবে বহিঃৰাজলৈ ঢাপলি মেলাৰ সময়তে লামডিং নিউ ক’লনীৰ বেণু দত্ত নামৰ যুৱকজনে প্লাষ্টিকৰ ফুলৰ মালাৰ ব্যৱসায় কৰি বছৰি প্ৰায় ৫০লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হৈছে।





    উদিয়মান যুৱক বেণু দত্তই বনোৱা ফুলৰ মালা কেৱল লামডিঙতে নহয় উত্তৰ-পূবৰ বিভিন্ন ঠাইতো সমাদৰ লাভ কৰিছে৷ অসমৰ উপৰি নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু কলিকতাতো বিক্ৰী হৈছে তেঁওৰ ফুলৰ মালা। জানিব পৰা মতে বেণু দত্তই তেওঁৰ অধীনত প্ৰায় ১০০জন মহিলাকো কৰ্মসংস্থাপন বাট দেখুৱাবলৈ সক্ষম হৈছে। অৱশ্যে এই ব্যৱসায় সম্পূৰ্ণ নিজা প্ৰচেষ্টাত আৰম্ভ কৰাৰ যুৱকজনে চৰকাৰী সহযোগ পালে অধিক লাভম্বিত হ’ব বুলি আশা প্ৰকাশ কৰে৷





    উল্লেখ্য যে চৰকাৰে বহু ক্ষেত্ৰত নিবনুৱাক আত্মনিৰ্ভৰশীলতাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিভিন্নধৰণৰ আঁচনি ৰূপায়নতো কিছু পদক্ষেপ গ্ৰহণ কৰিছে৷ কিন্তু চৰকাৰী আঁচনিৰ ধন সঠিকভাৱে ব্যৱহৃত হোৱা তথা প্ৰকৃত নিবনুৱাই লাভ কৰিছেনে নাই সেয়াহে লক্ষ্যণীয় বিষয়৷