নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেটৰ বাবে আজি এক ঐতিহাসিক ক্ষণ। ভাৰতীয় দলে আজি বেলেগে-বেলেগে দুখন খেলত অৱতীৰ্ণ হ’ব। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰলৈ এই মাহেন্দ্ৰক্ষণৰ সাক্ষী হ’ব দেশবাসী। উল্লেখ্য যে, ভাৰতীয় দলে ৫খন টেষ্ট শৃংখলাত অংশগ্ৰহণ উদ্দেশ্যে ইংলেণ্ড ভ্ৰমণৰ বাবে ইতিমধ্যে ৰাওনা হৈছে। ভাৰত-ইংলেণ্ডৰ মাজত এই শৃংখলা ৩আগষ্টৰ পৰা আৰম্ভ হ’ব। শৃংখলাৰ প্ৰাকক্ষণত আজি দুয়োটা দলৰ মাজত অনুশীলন মেচ অনুষ্ঠিত হ’ব।
ইংলেণ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা ভাৰতীয় দলটোক নেতৃত্ব দিব ‘ৰান মেছিন’ বিৰাট কোহলীয়ে। আন এটা উপকণ্ঠত অনুষ্ঠিত হ’বলৈ গৈছে ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় এদিনীয়া। শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোক নেতৃত্ব দিছে শিখৰ ধৱনে। দুয়োটা দলৰ মাজত ৩খন এদিনীয়া অনুষ্ঠিত হ’ব। ভাৰতে শৃংখলাত ১-০ৰ অগ্ৰগতি লৈছে। আজি কলম্বোত দ্বিতীয় এদিনীয়া। ভাৰত-ইংলেণ্ডৰ অনুশীলন মেচ দুপৰীয়া ৩-৩০ বজাত আৰু ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় এদিনীয়া ৩ বজাত অনুষ্ঠিত হ’ব। একেটা সময়তে মন পছন্দৰ খেলুৱৈক দেখিবলৈ পাব দেশবাসীয়ে। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে নিশ্চিতভাৱে এয়া এক ৰোমাঞ্চকৰ বতৰা।
Leave A Comment