Lifestyle
কাছাৰ : অসম-মিজোৰাম সীমান্তত চৰম উত্তেজনা অব্যাহত আছে। অসমৰ ভূমি বেদখলক লৈ দুই ৰাজ্যৰ আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছত সীমাঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হ’বলৈ এতিয়াও বাকী আছে। মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ছজন জোৱানসহ ৭জনকৈ লোক নিহত হোৱাৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মিজোৰামৰ এনে আচৰণত ক্ষোভিত হৈ মিজো আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসম।
কিন্তু, ইয়াৰ বিপৰীতে মিজোৰামৰ সংবাদ মাধ্যমে সম্পূৰ্ণ বিপৰীত স্থিতি লোৱাহে পৰিলক্ষিত হৈছে। ৬গৰাকী অসম আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছতো মিজো সংবাদ মাধ্যমে ঘটনাৰ বাবে দায়ী কৰিছে অসমক। এই সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাৰ বক্তব্যৰ উদ্ধৃতি দি বাতৰি প্ৰকাশ কৰিছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উঃ-পূবৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছতে অসম পুলিচৰ এটা বৃহৎ দলে অসম- মিজো সীমান্তৰ ভাইৰেংটিত সন্ত্ৰাস চলাইছে। মিজোৰামৰ জ’ৰাম নিউজে এই বাতৰি প্ৰকাশ কৰিছে।
একেদৰে, কাছাৰৰ মাজেৰে মিজোৰামলৈ যাত্ৰা কৰা এক দম্পতীৰ ওপৰত চলা আক্ৰমণৰ প্ৰসংগকো টানি আনিছে মিজো সংবাদ প্ৰতিষ্ঠান জ’ৰাম নিউজে। মিজো সংবাদ মাধ্যমৰ মতে, অসমে দাবী কৰা ভূমিক মিজো লোকে বিগত ১০০ বছৰ ধৰি ব্যৱহাৰ কৰি অহা বুলি জ’ৰাম নিউজে বাতৰি পৰিৱেশন কৰি মিজোৰামক ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
Leave A Comment