Sports
কাছাৰঃ কাছাৰৰ অসম-মিজোৰাম সীমান্তত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে। মিজোৰ গুলীত আহত হৈছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক। গুলীবিদ্ধ কাছাৰৰ এছপি নিম্বলকৰ বৈভৱ চন্দ্ৰকান্ত। লগতে আহত হৈছে ধলাই থানাৰ অ’চি চাহাবউদ্দিন লস্কৰ।
গুলীচালনাত আন কেইবাজনো আৰক্ষীৰ জোৱান আহত হৈছে। শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে দুয়োজনকে। ভৰিত গুলী লাগিছে কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীৰ। সীমান্তৰ দায়িত্ব দিয়া হৈছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষকজনক।
সীমান্তলৈ ৰাওনা হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা। অসম আৰক্ষীক গুলীচালনাৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। এই জানিবলৈ দিছে বিধায়ক কৌশিক ৰয়ে। বৰ্তমানেও গুলীয়াগুলী অব্যাহত আছে সীমান্তত৷
Leave A Comment