• মিজো দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণত নিহত অসম আৰক্ষীৰ ৬জন জোৱান

    আঞ্চলিক
    মিজো দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণত নিহত অসম আৰক্ষীৰ ৬জন জোৱান

    গুৱাহাটী : অগ্নিগৰ্ভা কাছাৰৰ অসম-মিজোৰাম সীমান্ত৷ মিজো দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গুলীবৰ্ষণত নিহত জোৱানৰ সংখ্যা ৬ জনলৈ বৃদ্ধি৷ মিজোৰ গুলীত আহত মুঠ ৬৫ জন লোক৷ ৪৭ জনক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে৷





    গুলীবিদ্ধ হৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকৰ বৈভৱ চন্দ্ৰকান্ত৷ আৰক্ষী অধীক্ষকজনক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ যো-জা চলাইছে৷ ২১ নং IR বেটেলিয়ানৰ জোৱান নিহত হৈছে৷ নিহত জোৱানজন হৈছে ছামচুৰ জামান বৰভূঞা৷





    আহত ধলাই থানাৰ আৰক্ষী বিষয়া চাহাবউদ্দিন লস্কৰ৷ কাছাৰত নিশাই উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা৷ গুলীচালনাৰ ঘটনাক তীব্ৰ নিন্দা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ ইতিমধ্যেই শিলচৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী৷ মিজোক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷