• মুকালমুৱাৰ চতেমাৰীত ভয়ংকৰ পথদুৰ্ঘটনা: নিহত ১

    আঞ্চলিক
    মুকালমুৱাৰ চতেমাৰীত ভয়ংকৰ পথদুৰ্ঘটনা: নিহত ১

    নলবাৰীঃ মুকালমুৱাৰ চতেমাৰীত ভয়ংকৰ পথদুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এজন লোক নিহত হয়। ঘোগা-চতেমাৰী পথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন স্কুটী। ঘোগা গাঁৱৰ চুভান আলীয়ে বন্ধু অসীম হালৈক চতেমাৰীৰ নিজগৃহত থ’বলৈ যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত পৰি সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS-14-M- 2895.






    দুৰ্ঘটনাত আহত দুয়োজন স্কুটী আৰোহীক স্থানীয় লোকৰ তৎপৰতাত মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চুভান আলীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তি সময়ত নিশা জিএমচিএইত চিকিৎসাধীন অৱস্থাত চুভান আলীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।