Regional
ডিজিটেল ডেস্ক : নাৰী নিৰ্যাতনৰ ঘটনা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাবেও এক ভয়ংকৰ ব্যাধিত পৰিণত হৈছে। মহিলা, যুৱতী, কিশোৰী, শিশু কোনো যেন সুৰক্ষিত নহয় এই সময়ত। প্ৰায় প্ৰতিদিনে এনে ঘটনাই দখল কৰি আহিছে সংবাদ শিৰোনাম। #NoRape #StopRape #SayNoToRape #NoMeansNo আদি শ্লোগান তথা প্ৰচাৰেৰে বিভিন্ন মাধ্যমত সজাগতাৰ প্ৰচেষ্টা চলিছে৷ কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন অহা নাই একাংশ লোকৰ মন-মানসিকতাত৷ বিকৃত কামনা চৰিতাৰ্থ কৰাত এইসকল অমানৱীয় মানসিকতাৰ লোকক একোৱে বাধা দিব পৰা নাই। এইবাৰ নগাঁৱৰ জুৰীয়াত পুনৰ সংঘটিত হৈছে জঘণ্য ধৰ্ষণৰ কাণ্ড৷
এইবাৰ এগৰাকী ১৫ বছৰীয়া নাবালিকা কামনাৰ বলি হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ৷ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠিছে নাবালিকাক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, কঠালগুটি বালিকা এল পি স্কুলৰ প্ৰধান শিক্ষকে মুখত সোপা দি নাবালিকাগৰাকীক ধৰ্ষণ কৰে। শিক্ষকতাৰ নিচিনা পৱিত্ৰ সেৱাক কলুষিত কৰা প্ৰধান শিক্ষকৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে প্ৰতিবাদৰ ধ্বনি উঠিছে৷
এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পাছত, এইবিষয়ে কাৰো আগত প্ৰকাশ নকৰিবলৈ লম্পট প্ৰধান শিক্ষক জাহাংগীৰে কিশোৰীগৰাকীক দিছিল ভাবুকি। এই অমানৱীয় কাণ্ডৰ বলি হোৱা কিশোৰীগৰাকী সম্প্ৰতি ৭ মাহৰ গৰ্ভৱতী। জুৰীয়া আৰক্ষী থানাত লম্পট প্ৰধান শিক্ষককৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালৰ এতিয়া দাখিল কৰিছে এজাহাৰ। ভাৰতীয় দণ্ড বিধিৰ 376(3)IPC R/W 6 of POCSO আইনৰ অধীনত 516/ 2021 নম্বৰত গোচৰ ৰুজু কৰা প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে।
Leave A Comment