• মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত জেৰাৰ সন্মুখীন আতিকা চুলতানা

    আঞ্চলিক
    মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত জেৰাৰ সন্মুখীন আতিকা চুলতানা

    ডিজিটেল ডেস্কঃ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিৰ নতুন মোৰ৷ তদন্তত পোহৰলৈ আহিছে ন ন বিস্ফোৰক তথ্য৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত আজিও কেইবাঘণ্টাজোৰা জেৰাৰ সন্মুখীন হ’ল অভিযুক্ত আতিকা চুলতানা৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ধৃত চাইবৰ ৰহমানৰ নামত ০৫/২০২১ নম্বৰ ৰুজু হৈছিল গোচৰ৷ সেই গোচৰৰ তদন্তই দিনে দিনে উন্মোচিত কৰিছে নতুন তথ্য৷





    গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি সন্দৰ্ভত আজি ৩০৫ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ সংবাদ মাধ্যমৰ সন্মুখত তদন্তকাৰী বিষয়াই পৰৱৰ্তী সময়তো এই গোচৰৰ অনুসন্ধান আৰু তীব্ৰগতিত চলিব বুলি মন্তব্য কৰে৷ লগতে, তদন্তকাৰী বিষয়াই জানিব দিয়া মতে আজি আতিকা চুলতানাক বহু ঘণ্টাধৰি জেৰা চলোৱাৰ পাছত যাবলৈ দিয়া হয়। চুলতানাই তেওঁৰ শাৰীৰিক অসুস্থতাৰ কথা অৱগত কৰাৰ লগতে কিছু চিকিৎসা সম্বন্ধীয় নথি-পত্ৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ হাতত দাখিল কৰিছে৷





    তদন্ত চলি থকা সময়ত আতিকা চুলতানাক পুনৰ জেৰা চলোৱা হ’ব৷ আনহাতে, কেইবাঘণ্টাজোৰা জেৰাৰ অন্তত মুখ খুলিছে আতিকা চুলতানাই৷ তেওঁ তদন্ত প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী তদাৰকী কোষক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি উল্লেখ কৰাৰ লগতে আগলৈয়ো সহযোগ কৰি যাব বুলি মন্তব্য কৰে৷ এতিয়া লক্ষ্যণীয় হ’ব গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়াই পৰৱৰ্তী সময়ত কি ৰূপ লয়৷ চাইবৰ, আতিকাতেই শেষ হ’ব নে আৰু বহু ৰৌ-বৰালি আৰক্ষীৰ জালত পৰিব, তাৰ বাবে বাট চাইছে ৰাজ্যবাসীয়ে৷