• মুখ্যমন্ত্ৰীৰ সোণোৱালৰ সভাৰ বাবে বন্ধ বিদ্যালয় ! নষ্ট এটা শৈক্ষিক দিন...

    আঞ্চলিক
    মুখ্যমন্ত্ৰীৰ সোণোৱালৰ সভাৰ বাবে বন্ধ বিদ্যালয় ! নষ্ট এটা শৈক্ষিক দিন...

    ডিব্ৰুগড় : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাৰ বাবে অথলে গ'ল ছাত্ৰ-ছাত্ৰীৰ এটা শৈক্ষিক দিন ৷ আজি ডিব্ৰুগড় জিলাৰ চাউলখোৱা পূজা মণ্ডপত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ সভা ৷ এই সভাত ‘ড° বাণীকান্ত কাকতী বঁটা’ আঁচনিৰ জৰিয়তে জিলাখনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰীক প্ৰদান কৰা হৈছে স্কুটী ৷





    আৰু পঢ়িব পাৰিব : পাণ্ডিয়া ভাতৃদ্বয়ৰ পিতৃৰ বিয়োগ : বিভিন্নজনৰ শোকবাৰ্তা প্ৰেৰণ





    মুখ্যমন্ত্ৰীৰ এই সভাৰ বাবে জিলাখনৰ প্ৰতিখন বিদ্যালয়ত তলা ওলমিল৷ বিদ্যালয়লৈ আহিও ঘূৰি গ'ল বহু ছাত্ৰ-ছাত্ৰী৷ এই সভাৰ বাবেই আজি শিক্ষাৰ্থীসকলৰ এটা শৈক্ষিক দিন নষ্ট কৰাক লৈ ‘আছু’ৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে শিক্ষা বিভাগৰ জৰিয়তে জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে সকলো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰা হ'ল মুখ্যমন্ত্ৰীৰ সভাখনত৷ ফলত বন্ধ হৈ পৰিল জিলাৰ সকলো বিদ্যালয় ৷





    আৰু পঢ়িব পাৰিব : “এই ভেকচিনে প্ৰমাণ কৰিলে ভাৰতৰ সামৰ্থ” : প্ৰধানমন্ত্ৰী মোদী





    ইপিনে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ মেধাৱী ছাত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰাথমিক, মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলক জড়িত কৰি এটা শৈক্ষিক দিন কিয় নষ্ট কৰা হ'ল, সেই লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ চৰকাৰৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে ‘আছু’ৰ মৰাণ আৰু খোৱাং আঞ্চলিক সমিতিয়ে ৷