• মুখ্যমন্ত্ৰীৰ ২৫ হাজাৰ টকা পুৰস্কাৰ ঘোষণা : লোণ মাফ

    আঞ্চলিক
    মুখ্যমন্ত্ৰীৰ ২৫ হাজাৰ টকা পুৰস্কাৰ ঘোষণা : লোণ মাফ

    গুৱাহাটী : খানাপাৰা ষ্টাফ কলেজত আজি ৰাজ্য চৰকাৰৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত মাইক্ৰ’ ফাইনেন্স কোম্পানীসমূহৰে ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তিৰ স্বাক্ষৰ হয়৷ এই অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংঘাল, বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰাসহ কেইজনো বিষয়-ববীয়া৷





    Assam Microfinance Incentive and Relief, 2021 আঁচনিৰ অধীনত হ’ব এই বুজাবুজি চুক্তিৰ স্বাক্ষৰ
    আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কয় এগৰাকী মহিলাই ৩টা বেংকৰ পৰা লোণ ল’ব পাৰিব। মুঠ ১ লাখ ২৫হাজাৰ টকা ল’ব পাৰিব ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাৰ মতে। ৰাজ্যৰ গাঁৱে-ভূ়ঞে ব্যাপক হাৰত ১০ শতাংশ হাৰত সুদ চলি আছে। মাইক্ৰ’ ফাইনেন্সৰ পৰা লোণ লোৱাসকলক সকাহ দিয়া হ’ব৷





    যিসকলে নিয়মীয়াকৈ লোণ ঘূৰাই দি আছে তেওঁলোকক ২৫ হাজাৰ টকা ঘূৰাই দিয়া হ'ব লগতে পুনৰ লোণ দিয়া হ’ব। ২৫ হাজাৰ টকা পুৰস্কাৰ হিচাপেহে দিয়া হ’ব৷ ১২হাজাৰ কোটি টকা ধার্য কৰা হৈছে৷
    আৱেদনৰ ভিত্তিত বিবেচনা কৰি যিসকলে লোণ ঘূৰাই দিব নোৱাৰে তেওঁলোকৰ লোণ মাফ কৰি দিয়া হ’ব।