• মূল্যবৃদ্ধিক লৈ বিধানসভাত প্ৰতিবাদ বিৰোধীৰ!

    আঞ্চলিক
    মূল্যবৃদ্ধিক লৈ বিধানসভাত প্ৰতিবাদ বিৰোধীৰ!

    গুৱাহাটী: বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ মূল্যবৃদ্ধিৰ ওপৰত বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ বিচাৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই অনুমতি প্ৰদান নকৰে৷ যাৰ বাবে বিৰোধীয়ে সদন ত্যাগ কৰে৷





    বিধানসভাৰ বাহিৰত বিৰোধী এআইইউডিএফ দলে প্লে’-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ “এইখন অসমত মুক্ত গণতন্ত্ৰ জীয়াই ৰাখিব লাগে। ফেক এনকাউণ্টৰ কৰি আৰক্ষীয়ে কি ক'ব খুজিছে? কালি জয়নালক ফেক এনকাউণ্টাৰ কৰি মাৰিছে। হেণ্ডকাফ লগাই ঘৰৰ পৰা আনি গুলীয়াই হত্যা কৰিছে”- বুলি অভিযোগ উত্থাপিত কৰে৷





    ইপিনে, বিধানসভাৰ মজিয়াত বিধায়ক অখিল গগৈয়েও প্লে’-কাৰ্ড লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ৷ তেঁও কয়, “মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ৷ ক’ভিডে সমাজৰ উৎপাদনত ব্যাঘাত জন্মাইছে। যাৰ বাবে মূল্যবৃদ্ধি হৈছে। চৰকাৰৰ অপৰিকল্পনীয়ভাৱে কৰা কাম-কাজত ৰাইজ জুৰুলা হৈছে। আমি সভা স্থগিতৰ প্ৰস্তাৱ আনিছিলো। আমি প্ৰতিবাদ কৰিছিলো। অধ্যক্ষই সভা স্থগিত বুলি কোৱাৰ পাছতো কাম-কাজ চলি আছে। মূল্যবৃদ্ধিৰ ওপৰত কথা ক’বলৈ নিদিয়াতো বিধানসভাৰ বাবে ক'লা দিন!”





    তদুপৰি, বিধায়ক অখিল গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে দুই মিনিট সময়হে কথা ক’বলৈ পাব বুলি কৈছিল। কিন্তু আজি দুই মিনিটতকৈ অধিক সময় কথা কোৱা হৈছে৷ মুখ্যমন্ত্ৰীৰ কথাই যে আইন নহয়, সেই কথা প্ৰমাণ হ'ল। সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor