• মূল্যায়ন কাণ্ডক লৈ পণবন্দী লাখ লাখ শিক্ষাৰ্থী!

    আঞ্চলিক
    মূল্যায়ন কাণ্ডক লৈ পণবন্দী লাখ লাখ শিক্ষাৰ্থী!

    গুৱাহাটী: মেট্ৰিকৰ মূল্যায়নক লৈ পুনৰ অচলাৱস্থাৰ সৃষ্টি হৈছে৷ মূল্যায়ন কাণ্ডক লৈ পণবন্দী লাখ লাখ শিক্ষাৰ্থী৷ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন ব্যৱস্থাত দেখা গৈছে ব্যাপক বিসংগতি৷ বহু বিদ্যালয়ত উঠিছে ডিষ্টিংশ্যনৰ জোৱাৰ৷ বৰাকৰ একোখন বিদ্যালয়ত এশ শতাংশ নম্বৰৰ বিপৰীতে কাছাৰ জিলাৰ ৯২খন বিদ্যালয় সন্দেহৰ আৱৰ্তত আছে৷





    ইতিমধ্যে কামৰূপৰ কেলেংকাৰিয়ে ৰাজ্য জোকাৰিছে যদিও ইয়াৰ তদন্ত প্ৰক্ৰিয়াক গাপ দিব বিচৰা বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে৷ ইপিনে মূল্যায়ন বিতৰ্কক লৈ ‘ছেবা’ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুদিনৰ ভিতৰত নম্বৰৰ পুনৰীক্ষণ হ’ব বুলি জানিবলৈ দিয়ে৷





    কামৰূপৰ কেলেংকাৰিৰ পাছতেই পুনৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অন্য জিলাৰ নম্বৰৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ চৰকাৰে গঠন কৰি দিয়া কমিটীৰ ভিত্তিতে পুনৰীক্ষণ কৰি ৩১ জুলাইৰ ভিতৰত ফলাফল দিবলৈ সাজু হৈছে ছেবা কৰ্তৃপক্ষ৷ কামৰূপৰ কেলেংকাৰিৰ পাছত পুনৰ দুদিনৰ বাবে খুলি দিয়া হৈছে প’ৰ্টেল৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জনোৱা মতে কেলেংকাৰিত জড়িত দুয়োজনকে চাকৰিৰপৰা অব্যাহতি দিয়া হৈছে৷