• মেগনিফিচেণ্ট লাভলীনাক শুভেচ্ছা বিজেন্দ্ৰ-মেৰীকমৰ

    আঞ্চলিক
    মেগনিফিচেণ্ট লাভলীনাক শুভেচ্ছা বিজেন্দ্ৰ-মেৰীকমৰ

    ট’কিঅ’ : ভাৰতীয় বক্সাৰ বিজেন্দ্ৰ সিং আৰু এম চি মেৰীকমৰ ট্ৰেলব্লেজাৰসকলে শুকুৰবাৰে ট’কিঅ’ অলিম্পিকত পদক নিশ্চিত হোৱাৰ বাবে লাভলীনা বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে, বিজেন্দ্ৰ সিঙে ২০০৮ চনত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ বক্সাৰ আছিল। আনহাতে, মেৰীকমে ২০১২ চনত লণ্ডন সংস্কৰণত পোডিয়ামত শেষ কৰা প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাসৰ সূচনা কৰিছিল। দুয়োগৰাকী তাৰকা ক্ৰীড়াবিদে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। লাভলীনাৰ সফলতাত উৎফুল্লিত দুই ভাৰতীয় বক্সাৰ। চলিত অলিম্পিকত লাভলীনা বৰগোঁহাইৰ পৰা আশাপ্ৰদ সঁহাৰিৰ পোষকতা বিজেন্দ্ৰ-মেৰীকমৰ।






    ট’কিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বচেম্পিয়ন টাইৱানৰ চিয়েন-নিইয়েন-চেনৰ বিৰুদ্ধে ৪-১ৰ ব্যপক ব্যৱধানত চমকপ্ৰদ জয়লাভ কৰিছে। সংবাদ প্ৰতিষ্ঠান পিটিআই-এ লাভলীনা বৰগোঁহাইৰ সন্দৰ্ভত মন্তব্য বিচৰাত ৩৫ বছৰীয়া বিজেন্দ্ৰ সিঙে কয়, ‘ক্লাবলৈ স্বাগতম।’ ইফালে ৩টা ৰাউণ্ডৰ ভিতৰত দুটা ৰাউণ্ডত জয়ী হোৱা সত্ত্বেও প্ৰি-কোৱাৰ্টাৰত কলম্বিয়ান বক্সাৰ ইনগ্ৰীট ভেলেন্সিয়াৰ হাতত পৰাজিত হৈছিল মেৰীকম। পৰাজয়ৰ গ্লানিৰ বিপৰীতে লাভলীনাক লৈ প্ৰবল আশাবাদী ‘পাঞ্চিং কুইন’। তেওঁ কয়, ‘আমি এই পদকৰ বাবে অপেক্ষা কৰি আছিলো, সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছিল। এই বিজয়ৰ বাবে মই অত্যন্ত সুখী।’
    ছেমি ফাইনেলত তুৰস্কৰ বিশ্ব চেম্পিয়ন বুছেনাজ ছুৰমেনেলীৰ মুখামুখি হ’ব অপ্ৰ‌তিৰোধ্য লাভলীনা।