• মেঘালয়ৰ যুৱতীক বিয়া কৰাবলৈ আহি আটক দুই নাইজেৰিয়ান !

    আঞ্চলিক
    মেঘালয়ৰ যুৱতীক বিয়া কৰাবলৈ আহি আটক দুই নাইজেৰিয়ান !

    গুৱাহাটী : সোমবাৰে গুৱাহাটী বৰঝাৰ বিমান বন্দৰত সেনা-আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল দুই নাইজেৰিয়ান লোক৷ বিমান বন্দৰত চিআইএছএফে সন্দেহজনকভাৱে ঘূৰি-ফুৰা অৱস্থাত গ্ৰেপ্তাৰ কৰে দুই নাইজেৰিয়ানক৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই দুই ব্যক্তিৰ বহু তথ্য পোহৰলৈ আহিছে৷





    আৰক্ষীৰ অনুসন্ধানত দুয়োজনৰ পৰা ভুৱা পাছপৰ্ট, ভুৱা ভিছা জব্দ কৰে৷ তদন্তত পাছপৰ্ট আৰু দুই ব্যক্তিৰ ভাষ্যৰ মাজত বৃহৎ অমিল দেখিবলৈ পায়৷ তেঁওলোকে আজাৰা আৰক্ষীক ২৬ নম্বেবৰতে মেঘালয়লৈ অহা বুলি স্বীকাৰ কৰিছে৷ মেঘালয়ৰ এগৰাকী যুৱতীৰে ফেচবুকত চিনাকী হৈ বিবাহৰ কাৰণে অহা বুলি জনাইছে আৰক্ষীক৷





    ইয়াৰ উপৰি তেঁওলোক যোৱা ৯ মাহ ধৰি দিল্লীতে কৰ্মত নিয়োজিত হৈ থকা বুলিও জনাইছে আৰক্ষীক৷ কিন্তু অ'মিক্ৰণৰ এই জটিল সময়ত নাইজেৰিয়ান লোককেইজন কিদৰে অসমত প্ৰৱেশ কৰিলে তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷