National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
পেৰিছঃ স্পেইনৰ পৰা পেৰিছত উপস্থিত হোৱাৰ পাছত লিঅ’নেল মেছীক সৌহাৰ্দপূৰ্ণ আদৰণি জনোৱা হয়। মঙলবাৰে বাৰ্চিলোনাৰ পৰা ফ্ৰান্সৰ ৰাজধানীৰ উপকণ্ঠত থকা লে বাৰ্জে বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত মেছীয়ে সমৰ্থকৰ পৰা ‘মেছী, মেছী…’- শ্ল'গানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পেৰিছত উপিস্থিত হৈ আহ্লাদিত মেছী। পেৰিছত অৱতৰণ কৰাৰ সময়ত মেছীয়ে ‘দিছ ইজ পেৰিছ’ শব্দৰ সৈতে শুভ্ৰ বগা টি-চাৰ্ট পৰিধান কৰিছিল। মেছীৰ আগমনৰ উপলক্ষে পিএছজি সমৰ্থকসকলে দেওবাৰৰ পৰা বিমানবন্দৰত অপেক্ষা কৰি আছিল। তেওঁলোকৰ এজনে উত্তেজনা ব্যক্ত কৰি কৈছিল যে, ‘এইটো যেন অবিশ্বাস্য কথা। এজন কিংবদন্তি ইয়ালৈ আহি আছে।’
ফ্ৰান্সৰ স্থানীয় সময় অনুসৰি, মঙলবাৰে দিনটোৰ আৰম্ভণিৰ পৰা চলি থকা মেছী গুঞ্জন তীব্ৰতৰ হৈ উঠিছিল। ফৰাচী ক্ৰীড়া আলোচনী লেকিপ’ৰ মতে, মেছীয়ে পিএছজিৰ সৈতে এক চুক্তি স্বাক্ষৰত উপনীত হ’ব বুলি সদৰী কৰাৰ অলপ পাছতে তেওঁৰ পিতৃ আৰু এজেণ্ট হোৰহে মেছীয়ে স্পেনিছ সংবাদ মাধ্যম লা ছেক্সটাক কৈছিল যে- “হয়, মেছীয়ে পিএছজিৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব।” মেছীৰ আগমনত ৰোমাঞ্চিত পিএছজিৰ নৱাগত ফুটবলাৰ জানলুইজী ডোনাৰুমা।
মেছীয়ে বছৰি ৩৫ নিযুত ইউৰো অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৩৫০ কোটি টকা দৰমহাত পিএছজিত যোগদান কৰিছে। উল্লেখ্যে যে, পিএছজি-এ নেইমাৰকো বছৰি ৩৫ নিযুত টকা পৰিশোধ কৰে। ৩৪ বছৰীয়া আৰ্জেণ্টিনাৰ অধিনায়ক মেছীয়ে ২ বছৰীয়া চুক্তি-পত্ৰত পিএছজিৰ সৈতে স্বাক্ষৰ কৰিছে। অৱশ্যে, পৰৱৰ্তী সময়ত এই চুক্তি স্বাক্ষৰ ২০২৪লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ফুটবল পথাৰত পূৰ্বৰ ১০ নম্বৰ জাৰ্ছীৰ সলনি পিএছজিৰ সৈতে ৩০ নম্বৰ জাৰ্ছীত ক্ৰীড়ানুৰাগীয়ে দেখিবলৈ পাব তাৰকা ফুটবলাৰ মেছীক।
Leave A Comment